আইআইটি, গুৱাহাটীৰ ২৪ সংখ্যক সমাৱৰ্তনত ১,৬২০ গৰাকী বিভিন্ন শাখাৰ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান

দেশৰ লগতে বিশ্বৰ উন্নত শিক্ষানুষ্ঠাসমূহৰ মাজৰে এখন হিচাবে পৰিগণিত হোৱা আইআইটি, গুৱাহাটীৰ ২৪ সংখ্যক সমাৱৰ্তনত ১,৬২০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। আজি ডিগ্ৰী লাভ কৰাসকলৰ ভিতৰত ১৪৩১ গৰাকী ছাত্ৰ আৰু ১৮৯ গৰাকী ছাত্ৰী।

কেমিকেল ইঞ্জিনিয়াৰিং বিভাগত শংকৰ দয়াল শৰ্মা স্বৰ্ণ পদক লাভ কৰিছে। স্নাতক শ্ৰেণীৰ ৯ গৰাকী শিক্ষাৰ্থী হৈছে প্ৰতিবন্ধী শিক্ষাৰ্থী।

স্নাতক শিক্ষাৰ্থীসকলৰ ভিতৰত আছে ৬৯৭ জন বিটেক আৰু বিডিই শিক্ষাৰ্থী, ৪৭৯ জন এমটেক আৰু এমডি, ২৫৩ জন পিএইচডি শিক্ষাৰ্থী আৰু ১৯৬ জন স্নাতকোত্তৰ ডিগ্ৰী শিক্ষাৰ্থী।

ইয়াৰ লগতে ৩ জন শিক্ষাৰ্থীক দ্বৈত ডিগ্ৰী (এমএছ + পিএইচডি) প্ৰদান কৰা হয়। অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনৰ মেহতা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰাহুল মেহতাৰ সৈতে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

সমাৱৰ্তনত আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে কয়, “মই সকলো স্নাতক শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ বাবে অভিনন্দন জনাইছো। আশা কৰিছো যে আমি উন্নতিৰ এই ধাৰা অব্যাহত ৰাখিম ।আইআইটি গুৱাহাটীয়ে শেহতীয়াকৈ ঘোষণা কৰা কিউএছ ৰেংকিং ২০২৩ ত উচ্চ স্থান লাভ কৰিছে “

সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয়, “প্ৰায় ৩ দশকৰ ভিতৰত আইআইটি গুৱাহাটীয়ে উচ্চ মানৰ কাৰিকৰী শিক্ষাৰে সমগ্ৰ দেশতে শৈক্ষিক পৰিৱেশ সৃষ্টি কৰি জনাজাত হৈ পৰিছে।প্ৰতিষ্ঠানটোৱে বিশ্বব্যাপী প্ৰতিযোগিতামূলক মানৱ সম্পদ প্ৰস্তুত কৰিছে আৰু বিভিন্ন বিষয়ত গৱেষণা কৰিছে । এনে কাৰ্যই সমাজক যথেষ্ট উপকৃত কৰিছে। আইআইটি গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছে অভিযন্তা, উদ্যোগী আৰু প্ৰযুক্তিবিদ যিসকলে নতুন ভাৰত গঢ়াত সহায় কৰিছে।”

ডিগ্ৰী লাভ কৰা সকলকো ৰাজ্যপালে কঠোৰ পৰিশ্ৰম কৰি সফল হোৱা বাবে অভিনন্দন জনায়।