ভিছা নিয়ম উলংঘা: বিশ্বনাথত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৭ গৰাকী বাংলাদেশী নাগৰিকক

Bangladeshi nationals held in Biswanath

অসম আৰক্ষীয়ে আজি বিশ্বনাথ জিলাৰ পৰা ভিছা নিয়ম উলংঘা কৰাৰ অভিযোগত ১৭ গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। বাংলাদেশী নাগৰিক কেইগৰাকী যোৱা কিছুদিন ধৰি জিলাখনৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰী অঞ্চলত শিবিৰ পাতি আছিল বুলি বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিঙে জানিবলৈ দিছে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে বাংলাদেশী নাগৰিকসকলে যোৱা মাহত পশ্চিম বংগৰ কোচবিহাৰ সীমান্তৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ পিছতে তেওঁলোকে অসমত প্ৰৱেশ কৰি দক্ষিণ শালমৰা জিলাৰ কিছু ঠাই ভ্ৰমণ কৰিছিল বুলি তেওঁ লগতে উল্লেখ কৰিছে।

বাংলাদেশৰ শ্বেৰপুৰ জিলাৰ আশ্ৰাফুল আলম নামৰ এগৰাকী ধৰ্মগুৰুৱে এই দলটোৰ নেতৃত্ব দিছিল। আৰক্ষীৰ ভাষ্য অনুসৰি দলটোৱে জিলাখনৰ কিছুমান দূৰৱৰ্তী গাঁৱত ধৰ্মীয় কাৰ্যকলাপৰ প্ৰচাৰ কৰিছিল।

আৰক্ষীয়ে তাৰ পিছতে দলটোক দক্ষিণ শালমৰাৰ ফকিৰগঞ্জ আৰক্ষী চকীলৈ মাতি নিছিল। আৰক্ষী অধীক্ষক সিঙে উল্লেখ কৰা মতে বাংলাদেশী নাগৰিকসকল আৰক্ষীয়ে নিৰ্ধাৰিত কৰা চৰ্তসমূহত সন্মত হৈ আজমেৰ শ্বৰীফৰ ফালে যোৱাৰ কথা প্ৰকাশ কৰিছিল।

কিন্তু কেইদিনমানৰ পিছত তেওঁলোক পুনৰ অসমলৈ উভতি আহে আৰু বিশ্বনাথ জিলাৰ বাঘমৰা অঞ্চলত পুনৰ ধৰ্মীয় কাৰ্যকলাপ আৰম্ভ কৰে।

“বাংলাদেশী নাগৰিকসকলে পৰ্যটক ভিছাৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰি ধৰ্মীয় প্ৰচাৰ চলাইছিল। এয়া ভিছাৰ চৰ্তৰ স্পষ্ট উলংঘন। আমি বিদেশী আইনৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছো আৰু তেওঁলোকৰ ভিছা বাতিল কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছো।”— সিঙে লগতে কয়।