ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

Texas School Shooting

বন্দুকৰ অবাধ প্ৰচলনে আমেৰিকা যুক্তৰাষ্ট্ৰত সময়ে সময়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে। বন্দুকধাৰী ঘাতকে ৰাষ্ট্ৰখনত প্ৰায়ে নিৰ্বিচাৰ গুলীচালনাৰে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিছে। এইবাৰ এনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে যুক্তৰাষ্ট্ৰৰ টেক্সাছ চহৰত।

চহৰখনৰ এখন বিদ্যালয়ত মঙ্গলবাৰে এগৰাকী বন্দুকধাৰী কিশোৰৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছে ১৮ সৰু শিশুসহ মুঠ ২১ জন লোকে। কিশোৰজনে বন্দুকসহ বিদ্যালয় চৌহদত প্ৰৱেশ কৰি জধে-মধে কৰা গুলীচালনা কৰে।

আনহাতে বিদ্যালয়ত এই আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে কিশোৰজনে নিজৰ আইতাককো গুলীয়াই হত্যা কৰিছিল বুলি টেক্সাছৰ গভৰ্ণৰ গ্ৰেগ এব’টে সদৰি কৰিছে।

বন্দুকধাৰী কিশোৰজনক টেক্সাছৰ স্থানীয় বাসিন্দা ছালভাডৰ ৰামোছ বুলি চিনাক্ত কৰা হৈছে। বিদ্যালয়ত কিশোৰজনে আক্ৰমণ কৰাৰ পাছতে আৰক্ষীয়ে প্ৰতি আক্ৰমণ চলাই আৰু আৰক্ষীৰ গুলীত ৰামোছৰ মৃত্যু হয় বুলি টেক্সাছৰ চিনেটৰ ৰ’লাণ্ড গোটেইৰেজে নিশ্চিত কৰে।

উল্লেখ্য যে টেক্সাছৰ এই হত্যাকাণ্ড ২০১২ চনৰ কানেক্টিকাটত চেণ্ডি হুকৰ গুলীচালনাৰ পিছত সংঘটিত হোৱা আটাইতকৈ ভয়ংকৰ ঘটনা। চেণ্ডি হুকৰ গুলীচালনাত ২০ জন শিশুসহ মুঠ ২৬ গৰাকী ব্যক্তি নিহত হৈছিল।

ইফালে টেক্সাছৰ এই হত্যাকাণ্ডৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে এক সংবাদমেল সম্বোধন কৰি আমেৰিকান জনসাধাৰণক দেশখনৰ শক্তিশালী বন্দুক পন্থী লবীৰ বিৰুদ্ধে থিয় হ’বলৈ আহ্বান জনায়।

উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “যথেষ্ট হৈছে। আৰু নহ’ব। আমাৰ হৃদয় ভাঙি পৰিছে। আমি এতিয়া কঠোৰ পদক্ষেপ লোৱাৰ সাহস কৰব লাগিব।”