গৱেষকৰ দাবী, ‘ট্ৰাম্পে ৩০ হাজাৰ লোকৰ শৰীৰলৈ বিয়পালে ক’ৰ’ণা’ : কেনেকৈ? জানিবলৈ পঢ়ক

Donald-Trump

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰায় ৩০ হাজাৰ লোকৰ শৰীৰলৈ ক’ৰ’ণা ভাইৰাছ বিয়পালে। এই দাবী কৰিছে এটা গৱেষক দলে।

গৱেষক দলটোৰ মতে কেৱল বৃহৎ সংখ্যক লোকক ক’ৰ’ণাত আক্ৰান্ত কৰোৱাই নহয়, ট্ৰাম্পৰ দ্বাৰা সংক্ৰমণ ঘটা ক’ৰ’ণাই ৭০০ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে।

ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষকে কৰা সমীক্ষা অনুসৰি ২০ জুনৰ পৰা ২২ ছেপ্টেম্বৰলৈকে ১৮খন নিৰ্বাচনী সভাৰ আয়োজন কৰিছিল ড’নাল্ড ট্ৰাম্পে।

এই ১৮খন জনসভাত বিপুল পৰিমাণৰ লোক উপস্থিত আছিল। গৱেষকৰ দাবী যে এই বিপুল জনসমাগমৰ ফলত আমেৰিকাত ৩০ হাজাৰৰো অধিক লোক ক’ৰ’ণাত আক্ৰান্ত হ’ল।

তেওঁলোকে আৰু দাবী কৰিছে যে এই ৩০ হাজাৰ আক্ৰান্তৰ লোকৰ মাজৰ ৭০০ আক্ৰান্তৰ মৃত্যুও ঘটিছে।

গৱেষক দলটোৱে দাবী কৰিছে যে এই জনসভাসমূহত উপস্থিত থকা লোকসকলে সামাজিক দূৰত্ব মানি নচলাৰ লগতে মাস্কো পৰিধান কৰা নাছিল। অৰ্থাৎ ট্ৰাম্পৰ জনসভাত উপস্থিত থকা হাজাৰ হাজাৰ লোকে কোভিড প্ৰট’কল মানি চলা নাছিল।

জনসমাগম বৃদ্ধিৰ ফলত দেশখনত অত্যধিক হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলি ট্ৰাম্পৰ ৰাজনৈতিক দলটোক সতৰ্ক কৰি দিয়া হৈছিল যদিও কোভিড প্ৰটক’ল সম্পূৰ্ণৰূপে উপেক্ষা কৰি চলা বুলি সমীক্ষাটোত প্ৰকাশ কৰা হৈছে।

ইফালে এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী ডেম’ক্ৰেট দলৰ প্ৰাৰ্থী জ’ বিডেনে এই সমীক্ষাক হাথিয়াৰ হিচাপে লৈ ট্ৰাম্পক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে।

বিডেনে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে, “ৰাষ্ট্ৰপতি ট্ৰাম্প আপুনি পৰুৱাই নকৰে। আনকি, নিজৰ সমৰ্থকৰ প্ৰতিও আপোনাৰ কোনো সহানুভূতি নাই।”

ইফালে অহা তিনি নৱেম্বৰত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ নিকট পূৰ্বে প্ৰকাশিত এই সমীক্ষাই ড’নাল্ড ট্ৰাম্পক ক্ষতি কৰাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

উল্লেখ্যে যে, এইবাৰ নিৰ্বাচনৰ পূৰ্বৰ নিৰ্বাচনী সমীক্ষাসমূহত ট্ৰাম্পতকৈ বিডেন আগবাঢ়ি থকা পৰিলক্ষিত হৈছে।