• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2025 6:50 pm
229
VIEWS
Share on FacebookShare on Twitter

এটা প্ৰশ্ন! প্ৰশ্নটো হ’ল সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিলনে নাই? আৰু যদিহে গৈছিল ক’লৈ গৈছিল আৰু কিয় গৈছিল! এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰপৰা বিৰত আছে গৌৰৱ গগৈ আৰু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগ উত্থাপন কৰি গৈছে। ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ সকলো তথ্য ফাদিল কৰাৰ লগতে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে। ইয়াৰ বিপৰীতে “ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ ফাদিল হোৱাৰ পিছত বিজেপিত এটা ডাঙৰ ভূমিকম্প হ’ব” বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে।

মুখ্যমন্ত্ৰীৰ দাবী ছেপ্তেম্বৰত তথ্য সহকাৰে ফাদিল হ’ব সাংসদ গৌৰৱ গগৈৰ পাকিস্তান কাণ্ড! কেৱল সেয়াই নহয় জব্দ হ’ব গৌৰৱ গগৈৰ পত্নীৰ পাছপৰ্ট। মুখ্যমন্ত্ৰীৰ মতে সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ যি ঠাইলৈ গৈছিল আৰু যি ধৰণে গৈছিল সেয়া অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়।

কিন্তু মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে পুনৰ তেওঁ পাকিস্তানলৈ যোৱা নোযোৱা সন্দৰ্ভত স্পষ্ট উত্তৰ নিদি কয় যে বক্সিঙত যেনেদৰে নকআউট পাঞ্চ শেষত দিয়ে, তেনেদৰে এই বিতৰ্কৰ নকআউট পাঞ্চ উত্তৰটো শেষত দিবলৈ তেওঁ ৰৈ আছে। সাংসদ গৌৰৱ গগৈয়ে কয় যে ছেপ্তেম্বৰৰ ১০ তাৰিখে বিজেপিত এটা বৃহৎ ৰাজনৈতিক ভূমিকম্প হ’ব। সেই দিনটোৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মিথ্যাচাৰৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি দাবী সাংসদ গৌৰৱ গগৈৰ। আনহাতে এই সমগ্ৰ পাকিস্তান বিতৰ্কটোক এখন বিগ বাজেটৰ চিনেমা আখ্যা দি ছেপ্তেম্বৰত ৰিলিজ হোৱাৰ পিছত এই চিনেমাখন ফ্লপ মাৰিব বুলি কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। সাংসদগৰাকীৰ মতে এই চিনেমাখনৰ নাম হল “হাজাৰ মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া”।

মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ অভিযোগসমূহ মিছা হলে গৌৰৱ গগৈক তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে। আনহাতে, গৌৰৱ গগৈয়ে তেওঁৰ বিৰুদ্ধে পাকিস্তান বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক শীঘ্ৰে প্ৰমাণসমূহ ৰাজহুৱা কৰিবলৈ দাবী জনাইছে ।মুঠৰ ওপৰত অসমৰ ৰাজনীতিত এতিয়া গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ এটা বৃহৎ প্ৰশ্ন হৈ পৰিছে।

Recent News

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd