আজিৰ পৰা ঠিক ১৯ বছৰ আগতে অৰ্থাৎ ২০০৫ চনৰ ১২ অক্টোবৰৰ পৰা ‘তথ্য জনাৰ অধিকাৰ (আৰ টি আই)’ আইন বলবৎ হ’ল। ক্ষমতাৰ অধিষ্ঠিত সকলৰ পৰা সত্য আৰু তথ্য জনসাধাৰণৰ মাজলৈ অনাৰ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হোৱা আৰ টি আই আইনখনে বিগত কেইবছৰমানৰ পৰা বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে।
ভিজিলেণ্ট চিটিজেনছ অৰ্গেনাইজেচনৰ শেহতীয়া প্ৰতিবেদন (Report Card on the Performance of Information Commissions in India, 2023-24) অনুসৰি তথ্য আয়োগসমূহত চাৰি লাখৰো অধিক অভিযোগ আৰু আবেদন বিচাৰাধীন হৈ আছে। তথ্য আয়ুক্তৰ পদ খালী হৈ পৰি আছে। বহু আয়োগ নিষ্ক্ৰিয় হৈ পৰিছে। বহু কমিচনে কোনো উত্তৰ নিদিয়াকৈ আবেদন ঘূৰাই দিছে। প্ৰতিটো আয়োগে ইয়াৰ কাৰ্যকৰীকৰণৰ বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব, বেছিভাগেই তেনে কৰা নাই।
ভিজিলেণ্ট চিটিজেন অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠাপক তথা কৰ্মী অঞ্জলি ভৰদ্বাজে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান দ্য ৱায়াৰ হিন্দীৰ সৈতে হোৱা কথা-বতৰাত কয় যে ২০০৫ চনত এই আইনখন শক্তিশালী কৰা হৈছিল যদিও ইয়াক সঠিকভাৱে কাৰ্যকৰী কৰা হোৱা নাই আৰু ইয়াক সংশোধন কৰাৰ প্ৰয়োজন আছে।
অঞ্জলি ভৰদ্বাজে আৰটিআইৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰ সহ-সমন্বয়ক হিচাপে কাম কৰি আহিছে। তেওঁৰ সংস্থাটোৱে তথ্যৰ অধিকাৰ ব্যৱহাৰ কৰি বঞ্চিত গোটসমূহক অধিকাৰ প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।
বিচাৰাধীন আবেদনৰ বোজা বাঢ়িছে-
ভিজিলেণ্ট চিটিজেনছ অৰ্গেনাইজেশ্যনৰ প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ ৩০ জুনলৈকে ভাৰতৰ ২৯খন তথ্য আয়োগৰ আটাইকেইটাতে বিচাৰাধীন আবেদন আৰু অভিযোগৰ সংখ্যা আছিল ৪,০৫,৫০৯টা।
বছৰৰ পিছত বছৰ ধৰি আপীল/অভিযোগৰ বেকলগৰ সংখ্যা বৃদ্ধি পাইছে। ২০১৯ চনৰ ৩১ মাৰ্চলৈকে ২৬টা তথ্য আয়োগত মুঠ ২,১৮,৩৪৭টা গোচৰ বিচাৰাধীন হৈ আছিল। ২০২১ চনৰ ৩০ জুনলৈকে এই সংখ্যা ২,৮৬,৩২৫ লৈ বৃদ্ধি পায়। ২০২২ চনৰ জুন মাহত বিচাৰাধীন অভিযোগ আৰু আপীলৰ সংখ্যাই তিনি লাখ অতিক্ৰম কৰিছিল।
যোৱা বছৰ ২০২৩ চনৰ ৩০ জুনলৈকে বেকলগ আছিল ৩,৮৮,৮৮৬। (এই পৰিসংখ্যাই দেখুৱাইছে যে যোৱা পাঁচ বছৰত বিচাৰাধীন অভিযোগ/আপীলৰ সংখ্যা ১,৮৭,১৬২টা বৃদ্ধি পাইছে।)
ৰাজ্য ভিত্তিক আলোচনাত মহাৰাষ্ট্ৰৰ অৱস্থা আটাইতকৈ বেয়া। মহাৰাষ্ট্ৰৰ তথ্য আয়োগত ১,০৮,৬৪১ টা আপীল/অভিযোগ বিচাৰাধীন অৱস্থাত পোৱা গৈছে। ইয়াৰ পিছত কৰ্ণাটক (৫০,০০০), তামিলনাডু (৪১,২৪১) আৰু ছত্তীশগড় (২৫,৩১৭)। কেন্দ্ৰীয় তথ্য আয়োগৰ ওচৰত প্ৰায় ২৩ হাজাৰ আপীল আৰু অভিযোগৰ বেকলগ উদ্ধাৰ কৰা হৈছে।
উল্লেখযোগ্য যে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত তথ্য আয়ুক্ত নিযুক্তি নিদিয়াৰ সন্দৰ্ভত পিআইএলৰ ওপৰত ৰায়দান দিওঁতে উচ্চতম ন্যায়ালয়ে খালী পদসমূহ অতি সোনকালে পূৰণ কৰিবলৈ কৈছিল।
স্পষ্টভাৱে আৰ টি আই আইনখনৰ সঠিক ৰূপায়ণ নিশ্চিত কৰিবলৈ পৰ্যাপ্ত সংখ্যক তথ্য আয়ুক্ত থকাটো প্ৰয়োজনীয়। যদি কোনো তথ্য আয়ুক্ত নাথাকে তেন্তে আবেদনকাৰীয়ে কেনেকৈ তথ্য লাভ কৰিব?