NORTHEAST NOW (Assamese)

ৰাজ্যত নিশা নতুনকৈ ১৯৫গৰাকী কোভিড-১৯পজিটিভ চিনাক্ত; ৩৭০০ৰ দিশে আক্ৰান্তৰ সংখ্যা

June 13, 2020 6:20 am · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যখনত ৩৬৯৩ লৈ বৃদ্ধি পালে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

শুকুৰবাৰে নিশা একেলগে ১৯৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ’না ভাইৰাছৰ উপস্থিতি।

কোন কোন ঠাইৰ ধৰা পৰিছে সেই কথা জনোৱা নাই স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

বৰ্তমান ২০৯৮ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

ইয়াৰ বিপৰীতে ১৫৮৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ আঠগৰাকী লোক মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰৰ দিনৰ ভাগতো ৬৮ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক ভাইৰাছ।

এই দিনটোত মুঠ ২৬৩ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু এয়াই আটাইতকৈ সৰ্বাধিক।

বৃহস্পতিবাৰৰ দিনটোত ১৪৫ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক কৰ’না ভাইৰাছৰ উপস্থিতি।

যোৱা ১০ জুনত ২৩৫ গৰাকী লোক আক্ৰান্ত হৈছে।

মঙ্গলবাৰৰ দিনটোতো ২১৫ গৰাকী লোকৰ দেহত ধৰা পৰিছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

Related News