কলিয়াবৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা সম্পন্ন

index

কলিয়াবৰৰ কুঁৱৰীটোলত শনিবাৰৰ পৰা ৩দিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাজ্যিক পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা।

আশীহাৰা কাৰাটে স্কুলৰ উদ্যোগত অনুষ্ঠিত “1st All Assam all Style full contact Martial Arts Championship”ত ৰাজ্যখনৰ ২২ খন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

কলিয়াবৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সমৰকলা প্ৰতিযোগিতাখনত কাৰাটে¸কংফু¸ টাইকোৱানডো¸ কিক বক্সিং প্ৰশিক্ষিত প্ৰতিযোগীয়ে একেলগে অংশগ্ৰহণ কৰিছে।

৬বছৰ বয়সৰ পৰা ২০বছৰ বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে কলিয়াবৰত অনুষ্ঠিত “1st All Assam all Style full contact Martial Arts Championship”ত।

শনিবাৰে বিহু নাচৰে আৰম্ভনি হোৱা “1st All Assam all Style full contact Martial Arts Championship” প্ৰতিযোগিতাখন সোমবাৰে সামৰণি পৰে।

প্ৰতিযোগিতাখনত ৫০০ ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিশেষকৈ খেলখনত অংশগ্ৰহণ কৰা ছোৱালী প্ৰতিযোগীৰ সমৰকলা প্ৰদৰ্শনে দৰ্শকক আপ্লুত কৰে।

সমৰকলা ক্ৰীড়া ক্ষেত্ৰৰ এক অভিন্ন অংগ। সমৰকলাৰ জৰিয়তে প্ৰতিজন খেলুৱৈয়ে নিজৰ আত্মৰক্ষাৰ লগতে কৰ্মক্ষেত্ৰতো বিশেষভাৱে সহায়ক হোৱাকৈ নিজকে গঢ় দিব পৰা যায় বুলি উদ্যোগতাই জানিবলৈ দিয়ে।

আশীহাৰা কাৰাটে স্কুল অসমৰ একমাত্ৰ এছোছিয়েচন যিয়েই সমৰকলা ছেম্পিয়নশ্বিপত অৱৰ্তীণ হ’বলৈ দৰিদ্ৰ শ্ৰেণীৰ খেলুৱৈসকলক ৫০শতাংশ ৰেহাই দিয়ে।

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হোৱা খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াক্ষেত্ৰৰ লগতে “Khelo Indiaত অৱৰ্তীৰ্ণ হ’বলৈ সুযোগ পাব।