উত্তপ্ত নির্বাচন : দুটা বেলট বাকচ চুৰি; গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰাৰ্থীৰ ৮ গৰাকী সমৰ্থক

index

যেন নৈৰাজ্যই বিৰাজ কৰিছে বিজেপি শাসিত যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত!

ইটোৰ পিছত সিটো জঘন্য অপৰাধমূলক ঘটনা ওৰ নপৰা উত্তৰ প্ৰদেশত এইবাৰ আইন শৃংখলাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি পঞ্চায়ত নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থীৰ সমথকে দুটাকৈ বেলট বাকচ চুৰি কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ আগ্ৰাৰ গ্ৰাম্য সমষ্টিৰ ৰিহাৱলী গাঁও পঞ্চায়তৰ প্ৰধান পদৰ দুই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত এক ৰক্তক্ষয়ী সংঘৰ্ষৰ সূত্ৰপাত হয়।

উক্ত সংঘৰ্ষৰ সময়তে এজন প্ৰাৰ্থীৰ সমৰ্থকে দুটাকৈ বেলট বাকচ চুৰি কৰি নিয়ে।

সংঘৰ্ষত চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক এছএন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

আগ্ৰাৰ সহকাৰী আৰক্ষী অধীক্ষক মুনীৰাজে সংবাদ মাধ্যমক জনোৱা অনুসৰি উক্ত ঘটনাত জড়িত থকাৰ অভিযোগত ৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এই ঘটনাৰ পিছতে উক্ত ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত অনুৰোধ জনোৱা বুলি প্ৰকাশ কৰিছে জিলা দণ্ডাধীশ প্ৰভু নাৰায়ণ সিঙে।

“ভোটগ্ৰহণ কেন্দ্ৰটোত আমি পুনৰ ভোটগ্ৰহণ কৰাৰ লগতে দোষীসকলক কঠোৰতম শাস্তি প্ৰদানৰ বাবে অনুৰোধ জনাইছো।” জিলা দণ্ডাধীশ সিঙে সংবাদিকৰ আগত কয়।

উল্লেখ্য যে চাৰিটা পৰ্যায়ত অনুষ্ঠিত হোৱা উত্তৰ প্ৰদেশ পঞ্চায়ত নিৰ্বাচনক আগন্তুক ৰাজ্যখনৰ ২০২২ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছেমি ফাইলেন ৰূপে চিহ্নিত কৰা হৈছে।

বৃহস্পতিবাৰে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায় ভোটগ্ৰহণত ৰাজ্যখনৰ ১৮ খন জিলাৰ ২.২১ লাখ বিভিন্ন স্তৰৰ আসনৰ বাবে ৩.৩৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।