NORTHEAST NOW (Assamese)

ৰে’লত মহিলা যাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীৰ ৰোষত মধ্যপ্ৰদেশৰ দুই কংগ্ৰেছ বিধায়ক

October 8, 2022 6:19 pm · এন ই নাও নিউজ,গুৱাহাটী

এইবাৰ দুজন কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে উছিছে ৰে’লৰ ভিতৰত মহিলা যাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰো ৰুজু হৈছে। অভিযোগ অনুসৰি যৌন নিৰ্যাতনৰ ঘটনাটো ঘটিছে ৰেৱা-হাবিবগঞ্জ ৰেৱাঞ্চল এক্সপ্ৰেছ ৰে’লত। সেই ৰে’ল খনত যাত্ৰা কৰি থকা এগৰাকী মহিলাক যৌন নিৰ্যাতন চলায় কংগ্ৰেছ বিধায়ক দুজনে। মধ্যপ্ৰদেশৰ দুজন কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে ৰে’ল আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে অভিযুক্ত বিধায়ক দুজনক সিদ্ধাৰ্থ কুশৱাহা (সাতনা) আৰু সুনীল সৰাফ (কোটমা)ই দবাটোত থকা এগৰাকী মহিলাৰ দেহত হাত দিছিল। অভিযোগ পোৱাৰ পিছতে জিআৰপিয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। মহিলাগৰাকীয়ে তেওঁৰ কেঁচুৱাটোৰ সৈতে গৈ থকাৰ থকাৰ সময়তে এই ঘটনা ঘটে। মহিলাগৰাকীয়ে তেওঁৰ স্বামীক এই বিষয়ে জনোৱাৰ পিছতে স্বামীয়ে টুইটাৰত ঘটনাটো ফাদিল কৰি দি জিআৰপিৰ সহায় বিচাৰে।

মহিলাগৰাকীৰ স্বামীয়ে তেওঁৰ টুইটত সহায় বিচাৰি লিখিছিল , “মোৰ পত্নীয়ে মোৰ নৱজাতক কেঁচুৱাটোৰ সৈতে ভ্ৰমণ কৰি আছে। আন দুজন ব্যক্তিয়ে দাবাটোত সুৰাপান কৰিছে আৰু গালি-গালাজ আৰম্ভ কৰিছে। আপোনালোক [জিআৰপি] তাত লগে লগে যাবলৈ অনুৰোধ কৰা হৈছে।” এই টুইট পোৱাৰ পিছতে জিআৰপিয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰে। সাগৰ জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া পিকে আহিৰৱাৰৰ মতে, তেওঁলোকক নিয়ন্ত্ৰণ কক্ষই এইবুলি জনাইছিল যে এগৰাকী মহিলাক সহায়ৰ প্ৰয়োজন হৈছে।

“আমি তিনিজন কৰ্মচাৰীক মহিলাগৰাকীক সহায় কৰিবলৈ দায়িত্ব দিছিলো… তেওঁলোকে মহিলাগৰাকীৰ সৈতে কথা পাতিছিল আৰু কংগ্ৰেছৰ বিধায়ক দুজনৰ বিৰুদ্ধে সাগৰ ষ্টেছনত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল” ।

Related News