NORTHEAST NOW (Assamese)

উত্তৰাখণ্ডত ভয়াৱহ দুৰ্ঘটনা: পথৰ কাষৰ দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, দুই যাত্ৰী নিহত

April 2, 2023 4:38 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰাখণ্ডৰ মুচৌৰী-ডেৰাডুন পথত আজি সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে দুগৰাকী যাত্ৰীয়ে।

এই ভয়াৱহ দুৰ্ঘটনাত লগতে বাছখনৰ কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আহত হয়। মুচৌৰী-ডেৰাডুন পথত শ্বেৰগাদিৰ কাষৰীয়া অঞ্চলত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা।

ঘটনা সন্দৰ্ভত মুছৌৰী আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে দুৰ্ঘটনাত নিহত হৈছে দুগৰাকী যুৱতীৰ। আহতসকলক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি বিষয়াগৰাকীয়ে লগতে কয়।

প্ৰকাশিত বাতৰি অনুসৰি, বাছখন ডেৰাডুনৰ পৰা আহি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই খাদত বাগৰি পৰিছিল।

এই খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দল, এটা অগ্নি নিৰ্বাপক সেৱাৰ দল, আই.টি.বি.পি- ৰ এটা দল আৰু এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে উদ্ধাৰ অভিযান চলোৱা হয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়।

Related News