বৰডুমচাত ১৯ পেকেট ব্ৰাউন ছুগাৰসহ শহুৰ আৰু বোৱাৰীক গ্ৰেপ্তাৰ

তিনিচুকীয়া জিলাৰ বৰডুমচাত আজি অসম পুলিছ আৰু আবকাৰী বিভাগৰ এটা যুটীয়া দলে অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তি দুনজৰ ভিতৰত এগৰাকী মহিলা সদস্যও আছে।

প্ৰাপ্ত তথ্য মতে এক সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আৰক্ষী আৰু আবকাৰী বিভাগৰ দলটোৱে আজি আৱেলি বৰডুমচা বজাৰৰ এখন হোটেলত অভিযান চলাই সৰবৰাহকাৰী দুগৰাকীৰ পৰা ১৯ পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনক বৰডুমছা আৰক্ষী থানা অন্তৰ্গত টকৌপথাৰ গাঁৱৰ বাসিন্দা কংগ্ৰেছ মৰাণ আৰু তেওঁৰ বোৱাৰী ৰঞ্জিতা মৰাণ বুলি চিনাক্ত কৰা হৈছে।

দুয়োগৰাকী ব্যক্তি এক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত থকাৰ লগতে তেওঁলোকৰ ম্যানমাৰৰ লোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি আৰক্ষীয়ে সন্দেহ।

এন ডি পি এছ আইন ১৯৮৫ৰ অধীনত দুয়োগৰাকীৰ বিৰুদ্ধে এক ৰুজু কৰি বৰ্তমান তেওঁলোকক মাৰ্ঘেৰিটা আৰক্ষী থানালৈ নি জেৰা চলাই থকা হৈছে। আবকাৰী বিভাগৰ লোকেও তেওঁলোকক জেৰা চলাব।

আনহাতে তেওঁলোকৰ পৰা জব্দ কৰা ব্ৰাউন ছুগাৰৰ ১৯টা পেকেট আৰক্ষীয়ে আবকাৰী বিভাগক গতাই দিছে আৰু ফৰেঞ্চিক পৰীক্ষাৰ বাবে ইয়াৰ নমুনা গুৱাহাটীলৈ পঠিওৱা হৈছে।