NORTHEAST NOW (Assamese)

মথুৰাৰ হোটেলত ভয়াৱহ অগ্নিকাণ্ড: দুগৰাকী ব্যক্তিৰ মৃত্যু

November 3, 2022 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ মথুৰাস্থিত বৃন্দাবন গাৰ্ডেন হোটেলত আজি পুৱা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। এই ভয়াৱহ অগ্নিকাণ্ডত হোটেলখনৰ দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে।

আনহাতে আন দুগৰাকী ব্যক্তি এই অগ্নিকাণ্ডত গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে। দুয়োগৰাকী ব্যক্তিকে লগে লগে স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰকাশিত খবৰ অনুসৰি, হোটেলখনৰ ওপৰৰ মহলাত অকস্মাতে জুই লাগে। জুইৰ উৎপত্তি হোৱা কোঠাটোত হোটেলখনৰ দুগৰাকী কৰ্মচাৰী আৱদ্ধ হৈ আছিল।

অগ্নিকাণ্ডৰ পিছতে তাৎক্ষণিকভাৱে ঘটনাস্থলীলৈ ৩ খন অগ্নি নিৰ্বাপক গাড়ী প্ৰেৰণ কৰা হয়। অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰীৰ দলে লগে লগে উদ্ধাৰ অভিযান চলাই হোটেলখনৰ দ্বিতীয় মহলাৰ পৰা প্ৰায় ৭০ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে।

অগ্নিকাণ্ডত নিহত হোৱা হোটেলখনৰ কৰ্মচাৰী দুগৰাকীক উমেশ আৰু বীৰ সিং বুলি চিনাক্ত কৰা হৈছে। আনহাতে এইপৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই বুলি হোটেল কৰ্তৃপক্ষই জানিবলৈ দিছে।

ইফালে হোটেলখনত অগ্নি প্ৰতিৰোধৰ কোনো ব্যৱস্থা নাছিল বুলিও অভিযোগ উত্থাপিত হৈছে।

Related News