ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল এনএছচিএন(কে)ৰ সদস্যসহ অন্য এজন লোক : উদ্ধাৰ চুৰি বলেৰ’ বাহন

arrest

এজন এনএছচিএন(ক)ৰ সদস্যসহ আন এজন লোক দাবী কৰি গ্ৰেপ্তাৰ হৈছে নাগালেণ্ডৰ ডিমাপুৰত।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুটা পৃথক পৃথক ধন দাবীৰ ঘটনাত জড়িত থকাৰ অভিযোগত এজন এনএছচিএন(ক) কেডাৰ আৰু এজন লোকক গ্ৰেপ্তাৰ কৰিছে ডিমাপুৰ আৰক্ষীয়ে।

নাগালেণ্ডৰ জুনহেব’ট’ জিলাৰ চুৰুমীৰ তথা বৰ্তমানৰ ডিমাপুৰৰ ট’লুভী গাঁৱৰ বাসিন্দা খেট’ভি আয়ে(২৬) নামৰ এনএছচিএন(ক)ৰ কেজাৰজনে ডিমাপুৰৰ ন্যাম’ লুঠা ৰোডত ধন দাবী কৰি আহিছিল।

এনএছচিএন(ক)ৰ কেজাৰজনৰ ধন দাবীৰ বিৰুদ্ধে স্থানীয় ব্যৱসায়ীসকলে পশ্চিম ডিমাপুৰ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰে আৰু উক্ত অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি এনএছচিএন(ক) সদস্যজনক ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আনটো পৃথক ঘটনাত ইট’ভী য়েপথ’মী(৩৫) নামৰ লোকজনে ডিমাপুৰৰ চাচু ক’লনিৰ নিউ মাৰ্কেটৰ পাচলি ব্যৱসায়ীসকলৰ পৰা ধন দাবী কৰি আহিছিল।

পশ্চিম ডিমাপুৰ আৰক্ষীয়ে উক্ত লোকজনকো দাবী ধমকিৰে ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

ইফালে ডিমাপুৰ জিলাৰ কুহোব’ট’ আৰক্ষী চকীয়ে এখন চুৰী বলেৰ’ বাহনো উদ্ধাৰ কৰি ডিমাপুৰ আৰক্ষীৰ হাতত চমজাই দিয়া বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে সূত্ৰই।