NORTHEAST NOW (Assamese)

সীমান্ত সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ বাংলাদেশী কৃষকৰ! আহত দুই জোৱান, কাঢ়ি নিলে অস্ত্ৰ-শস্ত্ৰ

February 27, 2023 9:10 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 27, 2023 12:14 am

বাংলাদেশী কৃষকৰ হাতত প্ৰহৃত হৈছে সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ বি এছ এফ- ৰ জোৱান। পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত দেওবাৰে বাংলাদেশী কৃষকে বি এছ এফৰ দুগৰাকী জোৱানক আক্ৰমণ কৰি জোৱান দুগৰাকীৰ হাতত থকা অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যোৱাৰ অভিযোগ উঠিছে।

ৰাণীতলা থানা এলেকাৰ নিৰ্মলচৰ সীমান্ত আউটপোষ্টৰ সমীপত ৩৫ নং বেটেলিয়নৰ দুগৰাকী জোৱানে টহল দি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

প্ৰকাশিত বাতৰি অনুসৰি, বাংলাদেশী কৃষকৰ এটা দলে ভাৰতীয় সীমান্তৰ ভিতৰত পথাৰত গৰু চৰাবলৈ সীমান্ত পাৰ হোৱাৰ সময়ত টহলদাৰী জোৱানসকলে তেওঁলোকক বাধা দিয়ে।

ইয়াৰ অলপ পিছতে বাংলাদেশৰ পৰা শতাধিক লোকে ভাৰত সীমান্ত অতিক্ৰম কৰি জোৱানসকলক লাঠি আৰু দা’ৰে আক্ৰমণ কৰে বুলি বি এছ এফে এক বিবৃতি যোগে সদৰী কৰিছে।

এই আক্ৰমণত জোৱান দুগৰাকী গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাংলাদেশী কৃষকসকলে আগ্নেয়াস্ত্ৰ কাঢ়ি লৈ পলায়ন কৰে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।

ইফালে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে ভাৰতীয় নিৰাপত্তাৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয় আৰু আহত জোৱান দুগৰাকীক নিকটতম চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বি এছ এফে লগতে কয় যে বাংলাদেশৰ সীমান্তৰক্ষীক এই বিষয়ে অৱগত কৰা হৈছে আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ লগতে জোৱানসকলৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ বাবে বৈঠকৰ আহ্বান কৰা হৈছে।

বিবৃতিটোত লগতে ভাৰতীয় কৃষকসকলে তেওঁলোকৰ শস্য বাংলাদেশী কৃষকসকলে চুৰি আৰু ক্ষতিৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বুলি উল্লেখ কৰা হৈছে। ঘটনা সন্দৰ্ভত ৰাণীতলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বি এছ এফে।

Related News