• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ষড়যন্ত্ৰ! কাৰাৰুদ্ধ অৱস্থাতে সংঘৰ্ষত নিহত সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ দুই অভিযুক্তৰ

‘জংগল ৰাজ’ত ‘ষড়যন্ত্ৰ’ৰ অভিযোগ তুলি তদন্তৰ দাবী জনালে শিৰোমণি আকালি দলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2023 7:57 am
Sidhu Moose Wala Murder Case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত দুগৰাকী কয়দীৰ কাৰাগাৰৰ ভিতৰতে ৰহস্যজনক মৃত্যু ঘটিছে। পঞ্জাৱৰ তৰ্ণ তৰণ জিলাৰ গোইন্দৱাল চাহাব কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা দুই গেংষ্টাৰ দেওবাৰে কয়দীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই সংঘৰ্ষত একেটা গোটৰে আন এগৰাকী কয়দীও আহত হয়। আহত কয়দীগৰাকীকো সিদ্ধু মূছেৱালা হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। জিলাখনৰ এগৰাকী শীৰ্ষস্থানীয় আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, নিহত দুই কয়দীৰ বিৰুদ্ধে মুছেৱালা হত্যাকাণ্ডৰ লগতে অন্যান্য অভিযোগো আছিল।

Apply Now

আৰক্ষীৰ তথ্য মতে, নিহত দুই কয়দীক ক্ৰমে বটালাৰ মনদ্বীপ সিং ওৰফে টুফান আৰু বুধলাদাৰ নিবাসী মনমোহন সিং ওৰফে মোহনা বুলি চিনাক্ত কৰা গৈছে। আনহাতে সংঘৰ্ষত আহত কেশৱ নামৰ কয়দীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে সদৰী কৰা মতে, কোনো বিষয়ক লৈ কয়দীসকলৰ মাজত এই সংঘৰ্ষ সংঘটিত হয় আৰু অতি সোনকালেই পৰিস্থিতিয়ে উত্তপ্ত ৰূপ ধাৰণ কৰে। কাৰাগাৰৰ ভিতৰতে সূত্ৰপাত হোৱা এই সংঘৰ্ষত কয়দীসকলে বাচন-বৰ্তন আৰু লোহাৰ ৰড ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, যোৱা বৰ্ষৰ ২৯ মে’ত পঞ্জাৱৰ মানছা জিলাত গুলীয়াই হত্যা কৰা হৈছিল জনপ্ৰিয় গায়ক তথা সিদ্ধু মুছেৱালা নামেৰে পৰিচিত শুভদীপ সিং সিদ্ধুক। মুছেৱালা হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। এই হত্যাকাণ্ডত কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈ জড়িত থকাৰ প্ৰমাণ পোৱা গৈছিল।

হত্যাকাণ্ডৰ তদন্তৰ সময়ত মনদ্বীপ সিং ওৰফে টুফানক মনপ্ৰীত সিং ওৰফে মণি ৰায়ৰ সৈতে যোৱা বৰ্ষতে অমৃতসৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। দুয়োগৰাকী জগু ভগৱানপুৰীয়া গেঙৰ মূল গুলীচালনাকাৰী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰথম অৱস্থাত টুফান আৰু ৰায়ক সিদ্ধু মুছেৱালাক হত্যা কৰাৰ দায়িত্ব দিয়া হৈছিল যদিও গায়িকগৰাকীৰ চাৰিওফালে নিৰাপত্তাৰক্ষীৰ বেষ্টনী থকাৰ বাবে তেওঁলোক এই পৰিকল্পনা সম্পন্ন কৰিব পৰা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছিল।

মনমোহন সিং ওৰফে মোহনাৰ বিৰুদ্ধে যোৱা বছৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত মুছেৱালাৰ তথ্য যোগান ধৰাৰ অভিযোগত আৰু কেশৱৰ বিৰুদ্ধে মুছেৱালা হত্যাৰ পিছত গুলীচালনাকাৰীক এখন বাহন যোগান ধৰাৰ লগতে পলায়ন কৰাত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইফালে কালিৰ ঘটনাৰ পাছতে ৰাজ্যখনৰ বিৰোধী দল শিৰোমণি আকালি দলে ঘটনাৰ আঁৰত গভীৰ ষড়যন্ত্ৰ শিপাই থকা বুলি অভিযোগ তোলে আৰু এই কাণ্ডৰ স্বতন্ত্ৰ তদন্তৰ দাবী কৰে। ৰাজ্যখনত আইন-শৃংখলাৰ অৱনতি ঘটা বুলি অভিযোগ তুলি দলটোৱে লগতে ‘জংগল ৰাজ’ৰ প্ৰাধান্য পোৱা বুলি সমালোচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd