জগন্নাথ মন্দিৰক ৪টা হাতী “বেচা”ত জড়িত ২ “দালাল”

Elephant

মমতাজ ছিদ্দিকি

আহমেদাবাদলৈ চাৰিটা অপ্ৰাপ্তবয়স্ক হাতী পৰিবহণক লৈ অসমৰ বন বিভাগ চাকনৈয়াত পৰাৰ সময়তে “বুজাবুজি” ঢৌত প্ৰত্যক্ষভাৱে জড়িত দুই “দালাল” বৰ্তমান পোহৰলৈ আহিছে।

অসমৰ বন বিভাগে দুই মাইকী হাতীকে ধৰি অপ্ৰাপ্তবয়স্ক হাতী উজনি অসমৰ তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ নিবলৈ অনুমতি দিছে।

উজনি অসমৰ বন সংৰক্ষক ৰঞ্জন কুমাৰ দাসে দাবী কৰিছিল যে হাতী চাৰিটা তিনি জনজাতীয় গঞাৰ, আৰু আহমেদাবাদলৈ ছমাহৰ বাবে “ভাৰা”ত পঠোৱা হৈছে।

কিন্তু দুজন “দালাল” “প্ৰত্যক্ষভাৱে জড়িত” থকাৰ কথা সন্মুখলৈ আহিছে, আৰু আহমেদাবাদৰ জগন্নাথ মন্দিৰক চৰা দামত হাতীকেইটা “বেচা” হৈছিল।

হাতী “বেচা”ত জড়িত দুই “দালাল”ক তিনিচুকীয়া জিলাৰ হুকুমদাৰ খান ওৰফে মুন্না খান আৰু ইমৰাণ খান ওৰফে ইমৰাণ ছিদ্দিকীৰূপে চিনাক্ত কৰা হৈছে।

ইমৰাণ খান ওৰফে ইমৰাণ ছিদ্দিকী হৈছে কুখ্যাত বন্যপ্ৰাণী চোৰাং চিকাৰী মমতাজ ছিদ্দিকীৰ পুত্ৰ। ২০১৬ চনৰ জুনত মমতাজ ছিদ্দিকীক অসমৰ পৰা আন ৰাজ্যসমূহলৈ হাতীসমূহৰ চোৰাং সৰবৰাহৰ বাবে ডুমডুমা থানাৰ অধীনৰ বৰ-হাপজানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযোগমতে মমতাজ ছিদ্দিকীয়ে চৰাইপুং সংৰক্ষিত বনাঞ্চলৰ পৰা বিহাৰ, গুজৰাট আৰু কেৰালাক অবৈধভাৱে ১২টা হাতী বিক্ৰী কৰিছে। ছিদ্দিকী আৰু তেওঁৰ সহযোগীসকলে হাবিৰ হাতী ধৰে আৰু ভুৱা নথি তৈয়াৰ কৰি আন ৰাজ্যসমূহক বিক্ৰী কৰে।

মমতাজ ছিদ্দিকীৰ সৈতে অসমৰ বন বিভাগৰ একাংশ দুৰ্নীতিপৰায়ণ বিষয়ববীয়াৰ সনা-পোটকা আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে মমতাজ ছিদ্দিকীৰ পুত্ৰ ইমৰাণ খান ওৰফে ইমৰাণ ছিদ্দিকীয়ে ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ডিগবৈ সমষ্টিৰ পৰা ভাৰত বিকাশ মৰ্চাৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

হুকুমদাৰ খান আৰু ইমৰাণ খান জৰিত হৈ পৰাটোৱে আহমেদাবাদলৈ চাৰি হাতী পৰিবহণৰ বিষয়টো অধিক স্পষ্ট কৰি তুলিছে।

দুয়োটা হাতী বন্দীত্ব অৱস্থাত জন্মগ্ৰহণ কৰা নাছিল। দুয়োকে ২০১৮ চনত হাবিৰ পৰা ধৰি অনা হৈছিল। দুয়োটা হাতীক বন্দীত্ব অৱস্থাত জন্মগ্ৰহণ কৰা বুলি মাইক্ৰ’শ্বিপ প্ৰদান কৰাৰ লগতে অসম বন বিভাগৰ তৰফৰ পৰা গৰাকীৰ প্ৰমান পত্ৰও দিয়া হয়।

ৰূপসিং নামৰ মতা হাতীটোৰ মাইক্ৰ’শ্বিপ নম্বৰ হ’ল ০০০৭৭০ এ ৯৬ ই। হাতীটোৰ গৰাকী হ’ল তিনিচুকীয়া জিলাৰ লক্ষীপথাৰৰ পিয়াল মৰাণ। আকৌ ৰাণী নামৰ মাইকী হাতীটোৰ মাইক্ৰশ্বিপ নম্ব হ’ল ০০০৭৭০এবি ১৬, হাতীটোৰ গৰাকী তিনিচুকীয়া জিলাৰ লাইকা গাঁৱৰ যোগীনাথ পেগু।

ইতিমধ্যে দুয়োটা ঘটনাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন আৰু ৰীট পেটিশ্যন দাখিল কৰা হৈছে। অসম বন বিভাগ বিষয়ববীয়া জগন্নাথ মন্দিৰলৈ হাতী বেচা ঘটনাত জড়িত থকাৰ কথা শীঘ্ৰে পোহৰলৈ আহিব।

বনৰীয়া জীৱ-জন্তু ধৰাৰ ক্ষেত্ৰত বনৰীয়া বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ অধিক কঠোৰ। এই আইনৰ ২(১৬) নং ধাৰাৰ অধীনত ইয়াক চিকাৰ বুলি বৰ্ণনা কৰা হৈছে। প্ৰথম সূচীকৃত জীৱ হিচাপে ধাৰা ৯ অনুসৰি বনৰ পৰা হাতী ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বনৰীয়া হাতী ধৰাটো এটা অক্ষমণীয় অপৰাধ। যি অপৰাধত তিনিৰ পৰা সাত বছৰলৈ কাৰাদণ্ড আৰু নিম্নতম ১০০০০ টকালৈ জৰিমনা হ’ব পাৰে।

যদিহে জগন্নাথ মন্দিৰলৈ হাতী চাৰিটা বেচা কথাটো প্ৰমান হয় তেন্তে ই বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ ৪৩ নং ধাৰা ভংগ কৰা অপৰাধ হিচাপে গণ্য কৰা হ’ব।

বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ ৰ ৪৩(১) ধাৰা অনুসৰি বন্দী জীৱ-জন্তু ৰখাৰ বাবে যিসকল ব্যক্তিক গৰাকীৰ প্ৰমাণপত্ৰ দিয়া হৈছে তেওঁলোকৰ এনেধৰণৰ জীৱ-জন্তুক বাণিজ্যিক কাৰণত ব্যৱহাৰ বা অইন ঠাইলৈ হস্তান্তৰৰ ক্ষেত্ৰত কোনোধৰণৰ নিয়ন্ত্ৰণ নাথাকিব।