NORTHEAST NOW (Assamese)

অসমত পুনৰ ওলাল দুগৰাকী ক’ভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ৫৯৭ লৈ বৃদ্ধি

May 26, 2020 4:45 pm · কল্পজ্যোতি শইকীয়া
Updated: May 26, 2020 4:49 pm

অসমত ৫৯৭ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত নগাঁও জিলাৰ দুগৰাকী লোক আক্ৰান্ত হৈছে।

আজিৰ দিনটোত ৪৯ গৰাকীকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক ক’ভিড-১৯ ত।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে ৪৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’নাত। আক্ৰান্তসকলৰ ২১ গৰাকী গোলাঘাট, লখিমপুৰৰ ৪ গৰাকী, মৰিগাঁৱৰ ৮ গৰাকী, ৩ গৰাকী গোৱালপাৰা, এগৰাকী হোজাই, এগৰাকী MMCH, দুগৰাকী কাৰ্বিআংলংৰ GMCH ২ গৰাকী আৰু নগাঁৱৰ ৫ গৰাকী।

বৰ্তমান ৫২8 গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৬২ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

এতিয়ালৈ চাৰিগৰাকী লোক মৃত্যু মুখত পৰিছে।

উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত ১৫৬ গৰাকী লোক ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত পাঁচদিনৰ ভিতৰত তিনি শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰ উপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৫২২ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ক’ভিড-১৯ত।

Related News