NORTHEAST NOW (Assamese)

সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰ: সন্ত্ৰাসবাদীৰ আক্ৰমণত পুনৰ নিহত দুই প্ৰব্ৰজিত শ্ৰমিক

October 18, 2022 8:18 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 18, 2022 8:19 am

ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপে। উপত্যকাটোত নিৰন্তৰভাৱে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদ নিৰ্মূল কাৰ্যসূচী চলাই আহিছে যদিও হ্ৰাস পোৱা নাই সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ।

কিছুদিন পূৰ্বে সংঘটিত কাশ্মীৰি পণ্ডিতৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে দুগৰাকী প্ৰব্ৰজিত শ্ৰমিকে।

জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাৰ হাৰমান অঞ্চলত আজি পুৱা সন্ত্ৰাসবাদীয়ে শুই থকা অৱস্থাতে কেইগৰাকীমান প্ৰব্ৰজিত লোকৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত দুগৰাকী লোক নিহত হৈছে।

সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা দুই শ্ৰমিকক মনীষ কুমাৰ আৰু ৰাম সাগৰ বুলি চিনাক্ত কৰা হৈছে। নিহত দুয়োগৰাকী শ্ৰমিক উত্তৰ প্ৰদেশৰ কনৌজ জিলাৰ বাসিন্দা।

কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দ্য ৰেজিটেন্স ফ্ৰণ্ট, চমুকৈ টিআৰএফ- এ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আৰু আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

এক বিবৃতিত কাশ্মীৰ জ’ন আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, টিনৰ শ্বেডৰ ওপৰত শুই থকা পাঁচগৰাকী প্ৰব্ৰজিত শ্ৰমিক লক্ষ্য কৰি ধৃত সন্ত্ৰাসবাদী গৰাকীয়ে এটা হেণ্ড গ্ৰেনেড নিক্ষেপ কৰিছিল।

গ্ৰেনেডটোৰ বিস্ফোৰণত মনীষ কুমাৰ আৰু ৰাম সাগৰ গুৰুতৰভাৱে আহত হয়। দুয়োকে লগে লগে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসালয়তে দুয়োৰে মৃত্যুহয় বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰিছে।

উল্লেখ্য যে, এসপ্তাহৰ ভিতৰত শ্বপিয়ান জিলাত সংখ্যালঘু লোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা এয়া দ্বিতীয় আক্ৰমণ। যোৱা ১৫ অক্টোবৰত জিলাখনত সন্ত্ৰাসবাদীয়ে এগৰাকী কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰিছিল।

পুৰাণ কৃষ্ণ ভাট নামৰ কাশ্মীৰি পণ্ডিত সম্প্ৰদায়ৰ ব্যক্তি গৰাকীক শনিবাৰে পুৱা তেওঁৰ বাসগৃহৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল।

Related News