তেলেংগানাৰ মেদক জিলাত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় বায়ুসেনাৰ এখন প্ৰশিক্ষণ বিমান। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বিমানত থকা দুই পাইলটে। ঘটনা সন্দৰ্ভত ইতিমধ্যে দিয়া হৈছে তদন্তৰ নিৰ্দেশ।
বায়ুসেনাই জানিবলৈ মতে, বিমানখনে হায়দৰাবাদৰ বায়ুসেনা একাডেমীৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰা মৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।
বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত বিমানৰ ভিতৰত এজন প্ৰশিক্ষক আৰু এজন প্ৰশিক্ষাৰ্থী পাইলট আছিল আৰু দুৰ্ঘটনাৰ পিছত থিতাতে দুয়োৰে মৃত্যু হৈছে।
ভাৰতীয় বায়ুসেনাই এক টুইট যোগে এই দুৰ্ঘটনাৰ বিষয়ে সদৰী কৰে। টুইটটোত বায়ুসেনাই উল্লেখ কৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখন হৈছে এখন পিলাটাছ পি চি ৭ এম কে টু বিমান।
A Pilatus PC 7 Mk II aircraft met with an accident today morning during a routine training sortie from AFA, Hyderabad. It is with deep regret that the IAF confirms both pilots onboard the aircraft sustained fatal injuries. No damage to any civil life or property has been…
— Indian Air Force (@IAF_MCC) December 4, 2023
পিলাটাছ পি চি ৭ এম কে টু বিমান হৈছে এখন একক ইঞ্জিনৰ বিমান। এই বিমানত বায়ুসেনাৰ পাইলটসকলে মৌলিক প্ৰশিক্ষণ গ্ৰহণ কৰে। দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে বায়ুসেনাই।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুৰ্ঘটনাত পাইলট দুজনৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।