চিজাৰিয়ান অপাৰেছনৰ পিছতে নৱজাতকসহ মহিলাৰ মৃত্যুঃ মুম্বাইত দুজন চিকিৎসকক আৰক্ষীয়ে কৰিলে আটক

২০১৬ চনত মুম্বাইৰ ঘাটকোপাৰৰ এখন নাগৰিক পৰিচালিত চিকিৎসালয়ত চি-চেক্সন (চিজাৰিয়ান অপাৰেছন) কৰাৰ পিছতে এগৰাকীপ্ৰসূতি আৰু তেওঁৰ নৱজাতক কেঁচুৱাটিৰ মৃত্যুৰ বাবে দুজন চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।দুয়োগৰাকী চিকিৎসককে আৰক্ষীয়ে আটক কৰিছে।

চিজাৰিয়ান প্ৰক্ৰিয়াৰ সময়ত ত্ৰুটিৰ অভিযোগত অভিযুক্ত ডাঃ মেঘা ধৰ্মদাসৰী আৰু ডাঃ প্ৰব্জ্যোত মনচান্দাৰ বিৰুদ্ধে অৱহেলা আৰু উমৈহতীয়া অভিপ্ৰায়ৰ দ্বাৰা মৃত্যু ঘটোৱাৰ অভিযোগ আনি গোচৰ ৰুজু কৰা হৈছে।চিকিৎসক দুগৰাকী সেই সময়ত আৱাসিক চিকিৎসা বিষয়া আছিল বুলি আৰক্ষীয়ে কয়।

উল্লেখ্য দেশৰ বহু ঠাইতে চিকিৎসকৰ অৱহেলাৰ বাবে প্ৰসূতিৰ মৃত্যু ঘটাৰ ঘটনা ঘটিছে৷ অসমতো এনে ঘটনা নঘটাকৈ থকা নাই৷