NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ : নিহত ২ উগ্ৰপন্থী

April 12, 2025 9:53 am · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ বৰফাবৃত্ত অঞ্চলত অব্যাহত থকা সেনাৰ অভিযানত দুটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি সেনাই শনিবাৰে সদৰী কৰিছে।

উল্লেখ্য যে ইয়াৰ এদিন পূৰ্বে আন এটা উগ্ৰপন্থী নিহত হৈছিল সেনাৰ হাতত।

চৰকাৰী সূত্ৰই জনোৱা মতে, শনিবাৰে গুলীয়াই হত্যা কৰা সন্ত্ৰাসবাদীকেইটা পাকিস্তানস্থিত জইছ-ই-মহম্মদ (জেএম) সংগঠনৰ সৈতে জড়িত। নিহত দুজনৰ এজন হৈছে চেনাব উপত্যকা অঞ্চলত বিগত এবছৰ ধৰি সক্ৰিয় হৈ থকা শীৰ্ষ সেনাধ্যক্ষ ছাইফুল্লাহ।

সেনাবাহিনীৰ জম্মুস্থিত হোৱাইট নাইট কৰ্পছে এক্সত এক পোষ্টত কয় যে, “কিষ্টৱাৰৰ ছাত্ৰুত চলি থকা অভিযানত প্ৰতিকুল বতৰৰ মাজতো আৰু দুজন পাকিস্তানী সন্ত্ৰাসবাদীক নিধন কৰা হৈছে। লগতে, এটা এ কে আৰু এটা এম ৪ ৰাইফলকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।”

ইয়াৰ লগতে, উধমপুৰ জিলাৰ বসন্তগড় আৰু ৰামনগৰ অঞ্চলতো বুধবাৰৰ পৰা আন তিনিজনীয়া সন্ত্ৰাসবাদীৰ দল এটাক বিচাৰি উলিয়াবলৈ সুকীয়া অভিযান চলি আছে বুলি জানিবলৈ দিছে সেনাৰ কৰ্তৃপক্ষই।

Related News