NORTHEAST NOW (Assamese)

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

July 6, 2022 9:17 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 6, 2022 2:25 pm

জম্মু-কাশ্মীৰত নিৰন্তৰ চলি আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আজি এনে এক অভিযানৰ সময়তে উপত্যকাটোৰ কুলগাম জিলাত নিজ পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা কৰি আত্মসমৰ্পণ কৰিছে দুজন সন্ত্ৰাসবাদীয়ে।

কাশ্মীৰ আৰক্ষীয়ে সদৰি কৰা মতে কুলগাম জিলাৰ হাদিগাম গাঁৱত আজি পুৱা সন্ত্ৰাসবাদী দুগৰাকীৰ উপস্থিতিৰ সম্ভেদ পাই আৰক্ষী আৰু সেনাই এক যুটীয়া অভিজান আৰম্ভ কৰে।

অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদী সদস্য দুগৰাকীৰ অভিভাৱকক অভিযানস্থলীলৈ লৈ আনে আৰু অভিভাৱকসকলৰ দ্বাৰা দুয়োগৰাকী সদস্যকে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায়।

পিতৃ-মাতৃৰ এই অনুৰোধৰ পাছতে দুয়োজন সন্ত্ৰাসবাদী সদস্যই অভিযানত ভাগ লোৱা সেনা-আৰক্ষীৰ দলটোৰ ওচৰত আত্মসমৰ্পণ কৰে বুলি কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীয়ে লগতে দুয়ো সদস্যৰ পৰা আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলিও এক টুইট যোগে উল্লেখ কৰিছে।

 

দুয়োজন স্থানীয় যুৱকে অলপতে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছিল বুলিও কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা অনুসৰি, চলিত বৰ্ষত নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত জম্মু-কাশ্মীৰত শতাধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।

ইয়াৰ অধিকাংশই উপত্যকাটোৰ স্থানীয় যুৱক বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছিল।

 

Related News