৪ মে’ত বাংলাদেশৰ হাতত গতোৱা হ’ব ২০ গৰাকী অবৈধ বাংলাদেশীক

Bangladeshi imigrants

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

অবৈধভাবে ভাৰতৰ মাটিত প্ৰবেশ কৰা ২০ গৰাকী অবৈধ বাংলাদেশীক ৪ মে’ত বাংলাদেশৰ নিজৰ ঘৰলৈ ওভতাই পঠাব ভাৰতে। শিলচৰ আৰু কোকৰাঝাৰ ডিটেনচন কেম্পত বন্দী হৈ থকা অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰী সকলক কৰিমগঞ্জ জীলাৰ সীমান্তৰে বাংলাদেশক হস্তান্তৰ কৰিব ভাৰতীয় সীমা সুৰক্ষা বাহিনীয়ে।

৪ মে’ত বাংলাদেশৰ হাতত হস্তান্তৰ কৰিবলগীয়া অবৈধ বাংলাদেশীসকল হ’ল-শেখৰ নমশুদ্ৰ, সুজিত চন্দ্ৰ দাস, ইকবাল হুছেইন তালুকদাৰ, মঃ ইছাক আলী, আজিমউদ্দিন, সমীৰ আহমদ, আমেদ উদ্দিন, চান্দ আলী, আব্দুল গফুৰ, আব্দুল লতিফ, আলিম উদ্দিন, দ্বিগেন চন্দ্ৰ দাস, ৰবীন্দ্ৰ দাস,শ্বাহ আলী মিঞা, ফাৰুক মিঞা, ইব্ৰাহিম তালুকদাৰ, চৈয়দ আল আমিন, ৰবিউল চৰ্দাৰ, পৰিমল জলদাস আৰু আলোৰাণী দাস।

ভাৰতলৈ অবৈধভাবে অনুপ্ৰবেশ কৰা লোকসকল বাংলাদেশৰ চিলেট, কিশোৰগঞ্জ জিলাৰ নাগৰিক।

উল্লেখযোগ্য যে, ভাৰতলৈ অবৈধ ভাবে অহা নাগৰিক কেইগৰাকী আৰক্ষীৰ হাতত বন্দী হোৱাৰ পাছত কাৰাবাস খাতিবলগা হৈছিল। বাংলাদেশৰ গুৱাহাটীত থকা সহকাৰী উচ্চায়ুক্তই নাগৰিক কেইগৰাকীৰ বাংলাদেশত থকা ঘৰৰ ঠিকনা পৰীক্ষা কৰাৰ পাছত তেওঁলোকক নিজৰ ঘৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে সেউজ সংকেত প্ৰদান কৰে।

বাংলাদেশৰ নাগৰিককেইগৰাকীয়ে কাৰাবাস সমাপ্ত হোৱাৰ পাছতো বহুবছৰ ডিটেনচন কেম্পত কটাবলগীয়া হৈছিল।