NORTHEAST NOW (Assamese)

বিকাশ ঘটিব জল পৰিবহনৰ ! নতুনকৈ ২০ খন জাহাজ ক্ৰয়ৰ প্ৰতিশ্ৰুতি পৰিবহন মন্ত্ৰীৰ

September 21, 2021 6:42 pm · এন ই নাও নিউজ

ৰাজ্য কঁপাই যোৱা নিমাতী ঘাট কাণ্ডৰ পিছত অৱশেষত গা লৰিছে পৰিবহন বিভাগৰ।

নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাই ৰাজ্যৰ জল পৰিবহন ব্যৱস্থাটোৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়াৰ পাছতহে যেন সাৰ পাইছে ৰাজ্য চৰকাৰে ।

নিমাতী কাণ্ডৰ পিছতে জল পৰিবহন খণ্ডটোৰ বিকাশৰ বাবে নিত্য নতুন ঘোষণা কৰিছে অসম চৰকাৰে।

আজি কলাক্ষেত্ৰত অনুষ্ঠিত এক বণিজ মেলাত উপস্থিত থাকি ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে অসমলৈ নতুনকৈ ২০ খন জাহাজ ক্ৰয় কৰা হ’ব ঘোষণা কৰিছ।

মন্ত্ৰী গৰাকীৰ মতে ইতিমধ্যে তিনিখন জাহাজ মাজুলীলৈ প্ৰেৰণ কৰা হৈছে।

বৈঠকখনত মন্ত্ৰী পাটোৱাৰীয়ে অসমত নৌসেনা প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

উচ্চ প্ৰশিক্ষিত নাৱিকৰ দল অসমলৈ অনা হ’ব বুলিও মন্তব্য কৰে ৰাজ্যৰ পৰিবহন মন্ত্ৰীজনে। প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হোৱাৰ পিছতে নাৱিক সকলে জাহাজ চলাচল কৰিব পাৰিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

স্মৰ্তব্য যে, ইয়াৰ পূৰ্বেও চন্দ্ৰ মোহন পাটোৱাৰীয়ে গুৱাহাটীৰ ফেৰী দুৰ্ঘটনাৰ পাছতে জল পৰিবহন ব্যৱস্থাটোৰ উন্নয়নৰ বাবে অনেক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্যক্ষেত্ৰত বুমেৰাং হৈছিল এই প্ৰতিশ্ৰুতিসমূহ।

গতিকে নতুনকৈ প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ ফলপ্ৰসু হয় নে নহয় সেইয়া লক্ষণীয় হ’ব।

Related News