সাংবাদিক-সংবাদ কৰ্মীক জে এফ ফাউণ্ডেশ্যনৰ সাহায্য প্ৰদান

ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’নাৰ সংক্ৰমক ৰূপৰ বাবে সমগ্ৰ দেশতে বিপদৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ। এই সময়ছোৱাত মানৱতাৰ বাবে জন্ম হোৱা জে এফ ফাউণ্ডেশ্যনে ৰাজ্যৰ প্ৰায় ৭৫ হাজাৰৰো অধিক লোকক আগবঢ়াইছে সহায়ৰ হাত।

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ক’ৰ’নাৰ বাবে বিপদত পৰা লোকক খাদ্য বস্তুৰ টোপোলা তুলি দিছে এই সংগঠনটোৱে। আজি গুৱাহাটীৰ চান্দমাৰী খেলপথাৰত জে এফ ফাউণ্ডেশ্যন থিয় হয় সাংবাদিক সকলৰ কাষত।

গুৱাহাটীৰ বিভিন্ন সংবাদ মাধ্যমত জড়িত প্ৰায় দুই শতাধিক সাংবাদিক-সংবাদ কৰ্মীক সহায়ৰ হাত আগবঢ়াই এই সংগঠনটোৱে।

উল্লেখযোগ্য যে ২০১০ চনত জন্ম লাভ কৰিছিল এই বেচৰকাৰী সংগঠনটোৰ। লাউছৰ প্ৰসিদ্ধ ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীয়ে তেওঁৰ পিতৃ ফজলুৰ ৰহমান চৌধুৰী আৰু মাতৃ জাহানাৰা বেগম চৌধুৰীৰ নামত গঠন কৰিছিল এই সংগঠনটো।

সুদীর্ঘ ১০ বছৰ জে এফ ফাউণ্ডেশ্যনৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াই আহিছে ভাতৃদ্বয় হাবিব মহম্মদ চৌধুৰী আৰু সাদিক মহম্মদ চৌধুৰীয়ে।

হাবিব মহম্মদ চৌধুৰীয়ে কয়, ‍‘এই মহামাৰীৰ সময়ত দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে অনুৰোধ জনাইছিল অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই’।

‍তেওঁ আৰু কয়, ‘তেওঁলোকৰ আহ্বানৰ পিছতেই আমি ৰাজ্যৰ গাঁৱে গাঁৱে, চহৰে নগৰে, ঘৰে ঘৰে গৈ আর্তজনক আগবহাইছোঁ সহায়। বিগত ৪ মাহে ক’ৰ’নাৰ বাবে বিপদত পৰা প্ৰায় ৭৫ হাজাৰৰো অধিক পৰিয়ালক আমি সহায় কৰিবলৈ সক্ষম হৈছো’।

‍‘আনহাতে একেসময়তে অহা বানতো জুৰুলা হৈছিল ৰাইজ। বানপীড়িত প্ৰায় ২৫ হাজাৰ লোকক আমি এই সময়ছোৱাত বিতৰণ কৰিছো খ্যদ্য
সামগ্ৰী। আমি আগলৈকো আগবঢ়াই যাম সহায়’, চৌধুৰীয়ে কয়।