ভাৰত বন্ধত ২০০ ট্ৰাকেৰে আহি চিঙ্ঘু সীমান্তত উপস্থিত বিশাল সংখ্যক কৃষক : কি কৰিলে আৰক্ষীয়ে?

index.jpg

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত আজি দেশৰ কৃষক সংগঠনসমূহৰ আহ্বান জনোৱা ৪ ঘণ্টীয়া ভাৰত বন্ধই সমগ্ৰ দেশতে ব্যাপক ৰূপত প্ৰভাৱ পৰা দেখা গ’ল।

সোমবাৰৰ নিশাৰ পৰাই বন্ধৰ সমৰ্থনত হাৰিয়ানা আৰু দিল্লী চিঙ্ঘু সীমান্তলৈ ২০০খন ট্ৰাকত অসংখ্য কৃষকে আহি পূৰ্বৰে প্ৰতিবাদত অংশগ্ৰহণ কৰি থকা প্ৰতিবাদী কৃষকসকলৰ সৈতে চামিল হয়।

চিঙ্ঘু সীমান্তত দেখা গ’ল যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসংখ্য কৃষকে প্ৰতিটো পলতে প্ৰতিবাদী কৃষকসকলৰ সৈতে চামিল হৈছে।

ফলত চিঙ্ঘু সীমান্তৰ প্ৰতিবাদী কৃষকসকলৰ মাজত উছাহ বৃদ্ধি পোৱাৰ লগতে প্ৰতিবাদকাৰী কৃষকৰ সংখ্যাও ব্যাপকৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

ইফালে কৃষকে আহ্বান জনোৱা ভাৰত বন্ধত যাতে কোনো ধৰণৰ আইন শৃংখলতাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে চিঙ্ঘু সীমান্তত দিল্লী আৰক্ষীয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰাও পৰিলক্ষিত হয়।

চিঙ্ঘু সীমান্তৰ ঠায়ে ঠায়ে বিশালসংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হয়।

ইফালে প্ৰতিবাদাকী কৃষকসকলে পুনৰ দিল্লীত প্ৰৱেশ কৰিব নোৱাৰাকৈ আৰক্ষীয়ে চিঙ্ঘু সীমান্তৰ বিভিন্ন ঠাইত বেৰিকেডো স্থাপন কৰে।

উল্লেখ্য যে ৰাজপথেদি যাতায়ত কৰা বাহন তথা যাত্ৰী বাধা আৰোপ আৰু দোকান  পোহাৰ আদি ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ চেষ্টা কৰা যিকোনো প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে পূৰ্বতে ঘোষণা কৰিছিল।

“সোমবাৰৰ ৰাতিৰ পৰা ২০০ৰো অধিক ট্ৰাকেৰে বহু কৃষকে আহি চিঙ্ঘু সীমান্তত উপস্থিত হৈছেহি। আজিও বহু কৃষক আহি প্ৰতিবাদস্থলীত উপস্থিত হৈছেহি।” এগৰাকী কৃষকে সংবাদ মাধ্যমৰ আগত কয়।

ইফালে সোমবাৰৰ নিশাৰ পৰাই দিল্লী উত্তৰ প্ৰদেশৰ গাজীপুৰ-গাজীয়াবাদত সীমান্তত সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হৈছে। উল্লেখ্য উত্তৰ প্ৰদেশ-দিল্লী সংযোগী ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথটো যোৱা ১০ দিন ধৰি কৃষকৰ প্ৰতিবাদৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈয়ে আছে।

৪ ঘণ্টীয়া ভাৰত বন্ধৰ সময়ত চিঙ্ঘু সীমান্তত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণ বন্ধ থকাৰ লগতে বন্ধৰ প্ৰভাৱ আছিল সৰ্বাত্মক।