কৃষক বিদ্ৰোহৰ সমৰ্থনত উত্তৰ প্রদেশৰ পৰা দিল্লীলৈ যাত্ৰা কৰিব আৰু ২০ হাজাৰ কৃষকে

index

বিগত ২৯ ৰো অধিক দিন নিৰন্তৰভাৱে দিল্লীৰ সীমান্তৱৰ্তী এলেকাত আন্দোলনৰত কৃষকৰ সমৰ্থনত আৰু ২০ হাজাৰ কৃষকৰ এটা বৃহৎ দলে দিল্লীৰ অভিমুখে যাত্ৰা কৰিব।

বৃহস্পতিবাৰে কৃষাণ সেনা নামৰ সংগটনঠোৱে এই কথা ঘোষণা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত আন্দোলনৰত কৃষকৰ সমৰ্থনত উত্তৰ প্ৰদেশৰ পৰা ২০ হাজাৰৰো অধিক কৃষকে যাত্ৰা আৰম্ভ কৰিব।

উত্তৰ প্ৰদেশৰ মথুৰা, আগ্ৰা, ফিৰোজাবাদ, হাথৰাছ মীৰাট আৰু মুজাফাৰনগৰ আদি জিলাৰ কৃষকসকলে সমদলত কৰি য্াত্ৰা আৰম্ভ কৰি দিল্লীৰ কৃষক বিদ্ৰোহত চামিল হ’ব বুলি পিটিআইৰ আগত উল্লেখ কৰিছে কৃষাণ সেনাৰ আহ্বায়ক ঠাকুৰ গৌৰি শংকৰ সিঙে।

“উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ সমদল কৰি যাবলৈ যাৱতীয় অনুমতিৰ বাবে আমি ইতিমধ্যে লিখিতভাৱে নিৰ্দিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছো। তেওঁলোকে আমাক এতিয়ালৈকে কোনো প্ৰত্যুত্তৰ দিয়া নাই। যিকোনো বিমিনয়ত আমি ২০ হাজাৰৰো অধিক কৃষকে দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক সাক্ষাৎ কৰিবলৈ যাম।” সিঙে কয়।

কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীক উদ্দেশ্য কৰি তেওঁ লগতে কয় যে দিল্লী সীমান্তৱৰ্তী অঞ্চলত অব্যাহত থকা কৃষক বিদ্ৰোহত তেওঁলোকেও চামিল হ’ব আৰু দেশৰ অন্য প্ৰান্তৰ কৃষকৰ দৰে তেওঁলোকেও আন্দোলনত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ হিন্দ মজদুৰ কৃষাণ সমিতিৰ নামৰ সংগঠনটোসহ কেবাটাও কৃষক সংগঠনে কৃষি আইনৰ বিৰোধিতা তথা বাতিলৰ দাবীৰে ও কেন্দৰীয় কৃষি মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।