মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ
২০০৬ চনৰ মুম্বাইৰ স্থানীয় ৰে’লত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত দোষী সাব্যস্ত হোৱা ১২ জন লোকক বম্বে উচ্চ ন্যায়ালয়ে সোমবাৰে দোষমুক্ত ঘোষণা কৰিছে। ন্যায়াধীশ অনিল কিলো আৰু ন্যায়াধীশ শ্যাম চন্দকৰ দ্বাৰা গঠিত বিচাৰপীঠে পৰ্যাপ্ত প্ৰমাণ নথকাৰ বাবে এই ৰায় প্ৰদান কৰিছে বুলি সদৰী কৰিছে। ২০১৫ চনত নিম্ন আদালতে এই গোচৰত পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ড আৰু বাকী সাতজনক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।
২০০৬ চনৰ ১১ জুলাইত মুম্বাইৰ স্থানীয় ৰে’লত ১১ মিনিটৰ ভিতৰত কেইবাটাও বিস্ফোৰণ সংঘটিত হৈছিল। এই ঘটনাত ১৮৯ জন লোকৰ মৃত্যু হৈছিল আৰু ৮০০ৰো অধিক লোক আহত হৈছিল। প্ৰথম বিস্ফোৰণটো সন্ধিয়া ৬:২৪ বজাত সংঘটিত হৈছিল, আৰু দ্বিতীয়টো ৬:৩৫ বজাত, যেতিয়া কাৰ্যালয়ৰ পৰা উভতি অহা লোকৰ ভিৰৰ মাজত এই বিস্ফোৰণ ঘটে। চাৰ্চগেটৰ পৰা ৰে’লত মুঠ ছটা ষ্টেচনত বিস্ফোৰণ সংঘটিত হৈছিল। ঘটনাৰ পিছত মুম্বাই আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্য যে ২০১৫ চনত বিচাৰ আদালতে ১২ জনক দোষী সাব্যস্ত কৰিছিল। ফৈজল শ্বেইখ, আছিফ খান, কমল আনছাৰী, ইতাশাম ছিদ্দিকী আৰু নৱেদ খানক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল, আৰু বাকী সাতজনক বিস্ফোৰণৰ ষড়যন্ত্ৰৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হৈছিল। এই ১২ জন অভিযুক্তই নিম্ন ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।
উচ্চ ন্যায়ালয়ে শুনানিৰ পিছত ৰায় দিছে যে, অভিযুক্তৰ বিৰুদ্ধে গোচৰটো প্ৰমাণ কৰাত বিচাৰ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অভিযুক্তই অপৰাধ সংঘটিত কৰিছে বুলি বিশ্বাস কৰাটো কঠিন। সেয়েহে নিম্ন ন্যায়ালয়ৰ দোষী সাব্যস্ত কৰাৰ আদেশ বাতিল কৰা হৈছে। আদালতে আৰু কয় যে, যদি অভিযুক্তসকল অন্য কোনো গোচৰৰ সৈতে জড়িত নহয়, তেন্তে তেওঁলোকক জেলৰ পৰা মুকলি কৰি দিয়া হ’ব।