কৰ্কট ৰোগ নিৰাময়ৰ পথ প্ৰশস্ত কৰি ৰসায়নৰ নোবেল বঁটা বুটলিলে দুই মহিলা বিজ্ঞানীয়ে

a noble

কৰ্কটৰ দৰে জটিল ৰোগ নিৰাময়ৰ পথ প্ৰশস্ত কৰি  ২০২০ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হ’ল দুই মহিলা বিজ্ঞানী।

জিন সম্পৰ্কীয় গৱেষণাক নতুন মাত্ৰা প্ৰদান কৰা আমেৰিকাৰ বিজ্ঞানী জেনিফাৰ এ দৌদেনা আৰু ফ্ৰান্সৰ বিজ্ঞানী ইমানুৱেল ছাৰপেণ্টাৰক ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ বাবে বাচনি কৰাৰ কথা আজি আনুষ্ঠানিক ভাবে ঘোষণা কৰে দ্য ৰয়েল ছুইডিছ ছোচাইটিৰে সচিব গোৰাণ হানছনে।

দুই মহিলা বিজ্ঞানীয়ে কিদৰে জিনৰ সম্পাদনা কৰি তাৰ চৰিত্ৰৰ পৰিৱৰ্তন ঘটাব পাৰি সেই বিষয়ত যুটীয়াভাবে গৱেষণা কৰিছিল।

দুই মহিলা বিজ্ঞানীয়ে জিনৰ পৰিৱৰ্তন ঘটাব পৰা CRISPR নামৰ এক বিশেষ পদ্ধতি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

সেই পদ্ধতিৰে কৰ্কটকে ধৰি আন ৰোগৰ ক্ষেত্ৰতো ফলপ্ৰসূ চিকিৎসা কৰিব পৰা যাব ।

কেৱল সেয়াই নহয়, এই পদ্ধতিৰে নানান ক্ৰ’ণিক ৰোগৰ লগতে উদ্ভিদৰ ৰোগ নিৰ্মূলৰ ক্ষেত্ৰতো সাফল্য লাভ কৰিব পৰা যাব।

এনে অমূল্য আৱিষ্কাৰৰ বাবেই দুই মহিলা বিজ্ঞানীক এইবাৰৰ ৰসায়নৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছে।

উল্লেখ্য বিজ্ঞানী ইমানুৱেল ছাৰপেণ্টাৰৰ জন্ম ফ্ৰান্সত আৰু তেওঁ সম্প্ৰতি জাৰ্মানীৰ বাৰ্লিনৰ মেক্স প্লাংক বিশ্ব বিদ্যালয়ৰ পেথ’জেন বিভাগৰ সঞ্চালিকা।

আনহাতে আন এগৰাকী বিজ্ঞানী জেনিফাৰ এ দৌদেনাৰ জন্ম আমেৰিকাৰ ৱাশ্বিংটনত।

তেওঁ বৰ্তমান ইউচি বাৰ্কলে বিশ্ব বিদ্যালয়ত অধ্যাপনা কৰি আহিছে।