২০২২ ত বিশ্বত বৃদ্ধি পালে সাংবাদিক নিগ্ৰহৰ ঘটনা। ইউনেস্ক’ৰ তথ্য অনুসৰি ২০২২ চনত বিশ্বত নিহত হৈছিল ৮৬ জন সাংবাদিক। একেৰাহে তিনি বছৰ ধৰি সাংবাদিক নিগ্ৰহৰ হাৰ হ্ৰাস পোৱাৰ পিছত যোৱা বছৰ পুনৰ বৃদ্ধি পালে সাংবাদিক নিগ্ৰহৰ ঘটনা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত প্ৰতি বছৰে গড়ে মৃত্যু হৈছিল ৫৮ জন সাংবাদিকৰ । ২০১৮ চনত কমেও ৯৯ জন সাংবাদিকৰ মৃত্যু হৈছিল।
২০২২ চনত উত্তৰ আমেৰিকাৰ দেশ মেক্সিকোত সৰ্বাধিক ১৯ জন সাংবাদিকক হত্যা কৰা হৈছিল। ইয়াৰ উপৰিও ইউক্ৰেইনত ১০ জন আৰু হাইটিত ৯ জন সাংবাদিক নিহত হৈছিল।
উল্লেখ্য যে বিশেষ সামৰিক সংঘাত নথকা ঠাইতেই তিনি চতুৰ্থাংশ সাংবাদিকক হত্যা কৰা হৈছে। যোৱা বছৰ নিহত হোৱা ৮৬ জন সাংবাদিকৰ আধাতকৈ অধিক লেটিন আমেৰিকাৰ।
প্ৰতিবেদন অনুসৰি সংগঠিত অপৰাধ, সশস্ত্ৰ সংঘাত আৰু উগ্ৰপন্থীৰ উত্থানৰ সম্পৰ্কত কৰা কামৰ বাবেই মূলতঃ সাংবাদিকসকলে প্ৰাণ হেৰুৱাইছিল। দুৰ্নীতি, পৰিৱেশ অপৰাধ, ক্ষমতাৰ অপব্যৱহাৰ আৰু প্ৰতিবাদৰ বাতৰিৰ বাবেও সাংবাদিকক হত্যা কৰা হৈছে।
ইউনেস্ক’ৰ তথ্য অনুসৰি সাংবাদিকক হত্যা কৰি শাস্তিমুক্ত হোৱাৰ হাৰ প্ৰায় ৮৬ শতাংশ, যিটো আচৰিত ধৰণে বেছি। এই হাৰ যোৱা ৫ বছৰৰ ভিতৰত সৰ্বাধিক বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে।
হত্যাৰ উপৰি বিগত এবছৰত সাংবাদিক আন ধৰণৰো হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। নিৰুদ্দেশ, অপহৰণ, বলপূৰ্বক আটক, ভুৱা গোচৰ, অনলাইন হিংসা আদিৰ বলি হৈছে আপোচবিহীন সাংবাদিকসকল। এই গোচৰসমূহত মহিলা সাংবাদিকসকল অধিক ভুক্তভোগী।