লক্ষ্য ২০২৪! বিজেপিৰ ব্লুপ্ৰিণ্ট সাজু, প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব ১০০ ৰেলী

দেশৰ যিবোৰ ৰাজ্যত বিজেপিৰ দলীয় স্থিতি দুৰ্বল সেইবোৰ ৰাজ্যত দলটোৰ স্থিতি শক্তিশালী কৰিবলৈ বিজেপিয়ে গ্ৰহণ কৰিছে এক অভিলাষী প্ৰকল্পৰ। এনে ৰাজ্যসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বছৰৰ শেষত কমেও ১০০খন ৰাজহুৱা জনসমাৱেশ অনুষ্ঠিত কৰিব। ইতিমধ্য দলটোৱে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ব্লুপ্ৰিণ্ট প্ৰায় সাজু কৰিছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰই প্ৰকাশ কৰা অনুসৰি বছৰৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন কাৰ্যসূচী আৰম্ভ আৰু প্ৰকল্প উদ্বোধন কৰি এনে ৰেলীত ভাষণ প্ৰদান কৰিব। লগতে বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে সংগ্ৰাম কৰি থকা ৰাজ্যসমূহত কেন্দ্ৰীয় চৰকাৰে মেগা প্ৰকল্প আৰু ব্যয়ৰ আকৰ্ষণীয় পেকেজো ঘোষণা কৰিব।

ইতিমধ্যে বিজেপিয়ে মহিলা আৰু সংখ্যালঘুৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। য’ত মহিলা মৰ্চাক মহিলা হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাৰ দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকৰ বাবে কেন্দ্ৰীয় আঁচনি সম্পৰ্কে প্ৰচাৰ চলোৱাৰ দায়িত্ব দিয়া হৈছে। একে সময়তে সংখ্যালঘু ফ্ৰ’ণ্টে ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৬০টা লোকসভা সমষ্টিৰ তালিকা প্ৰস্তুত কৰিছে য’ত সংখ্যালঘুৰ ভোটাৰ সংখ্যা প্ৰায় ৩০ শতাংশ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই লোকসভা নিৰ্বাচনৰ কৌশল চূড়ান্ত কৰিবলৈ এখন কমিটী গঠন কৰিছে। জ্যেষ্ঠ নেতা সুনীল বানচাল, বিনোদ টাওডে আৰু তৰুণ চুঘৰ তিনিজনীয়া পেনেলে বিভিন্ন ফ্ৰ’ণ্ট আৰু নেতাসকলে আয়োজন কৰা কাৰ্যসূচীসমূহ নিৰীক্ষণ কৰিব। লগতে কমিটীয়ে লক্ষ্য কৰিব যে যদি কাৰ্যসূচীসমূহত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন হয়, তেন্তে তেওঁলোকে পৰামৰ্শও প্ৰদান কৰিব পাৰিব।

এই কমিটীয়ে সামগ্ৰিক তত্বাৱধানৰ দায়িত্ব ল’ব, দলৰ জ্যেষ্ঠ নেতা আৰু মন্ত্ৰীসকলক ব্যক্তিগত ৰাজ্যৰ দায়িত্ব দিয়া হ’ব। বিজেপিৰ এগৰাকী কৰ্মকৰ্তাই কয় যে কোনো ক্ষেত্ৰকে যাতে উপেক্ষা কৰা নহয় তাৰ বাবে বিভিন্ন পৰ্যায়ত প্ৰস্তুতি পৰ্যবেক্ষণ কৰা হ’ব। দক্ষিণ ৰাজ্য, ওড়িশা আৰু পশ্চিমবংগৰ দৰে ৰাজ্যক বিশেষ গুৰুত্ব দিয়া হ’ব বুলিও উল্লেখ কৰিছে দলীয় সূত্ৰই।