NORTHEAST NOW (Assamese)

শোণিতপুৰত ভূমি অধিগ্ৰহণৰ নামত ফৰলেন কৰ্তৃপক্ষৰ প্ৰৱঞ্চনাঃ ৭ মে’ত নিজ ভূমি দখল কৰিব ৰাইজে

May 3, 2018 12:18 pm · কাজি জেইদুল ইছলাম

ফৰলেন কৰ্তৃপক্ষই ভূমি অধিগ্ৰহণৰ  নামত অবিভক্ত শোণিতপুৰ জিলাৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰাৰ প্ৰতিবাদত  শোণিতপুৰৰ ফৰলেন নিৰ্মাণত বাধা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সুৰক্ষা ঐক্য মঞ্চ শোণিতপুৰ, বিশ্বনাথ জিলা সমিতিয়ে ।

অলপতে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে ঘাইপথ ক্ষতিগ্ৰস্ত ঐক্যমঞ্চই।

ফৰলেন  কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ  প্ৰতিবাদত ইতিপূৰ্বে ফৰলেন কৰ্তৃপই অধিগ্ৰহণ কৰা মাটি ক্ষতিগ্ৰস্ত লোকসকলে অহা ৭ মে’ত মাটি দখল কৰিব বুলি প্ৰকাশ কৰিছিল।

জামুগুৰিহাটৰ পৰা গহপুৰলৈ সকলো চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম বন্ধ কৰাৰ কথাও তেওঁলোকে সংবাদ মেলযোগে সদৰী কৰে।

মঞ্চৰ নেতৃবৃন্দই সংবাদমেলত প্ৰকাশ কৰা মতে ভূমি অধিগ্ৰণৰ সময়ত অতি সামান্য  ক্ষতিপূৰণ দি দায়িত্ব সামৰিছে ফৰলেন কৰ্তৃপক্ষই। ডিব্ৰুগড় জিলাত যথেষ্ট ক্ষতিপূৰণ দিয়া ফৰলেন কৰ্তৃপক্ষই অবিভক্ত শোণিতপুৰ জিলাত ৰাইজক চূড়ান্তভাৱে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত মঞ্চৰ আন্দোলন ক্ষতিপূৰণ আদায় নোপোৱা পৰ্যন্ত অব্যাহত থাকিব বুলি জানিবলৈ দিছে।

সম্প্ৰতি এই বিষয়টোক লৈ অঞ্লটোৰ লোকসকলে গ্ৰহণ কৰা স্থিতিৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ফৰলেন কৰ্তৃপক্ষ কিম্বা প্ৰশাসনে।

Related News