NORTHEAST NOW (Assamese)

অসমত ২০৯১ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.২১ শতাংশলৈ বৃদ্ধি

September 24, 2020 10:43 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২০৯১গৰাকী ব্যক্তি বৃহস্পতিবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ২৮,৯৯৩টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

পজিটিভৰ হাৰ হৈছে ৭.২১ শতাংশ। বুধবাৰে এই হাৰ আছিল ৭.০২ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৪৫২, যোৰহাটৰ ১৯১, ডিব্ৰুগড়ৰ ১৩৬ আৰু গোলাঘাটৰ ১২৭গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৬৫,৫৮২লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১১গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৬০৮লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৫৯৭গৰাকী ক’ভিড ৰোগীয়ে বুধবাৰলৈকে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত বুধবাৰলৈকে মুঠ ১,৩২,৭০৯গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

Related News