অৰুণাচলৰ চৰকাৰী আৱাসিক বিদ্যালয়ৰ ২১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন; হোষ্টেল ৱাৰ্ডেনক মৃত্যুদণ্ড

অৰুণাচল প্ৰদেশৰ বিশেষ আদালতে বৃহস্পতিবাৰে হোষ্টেল ৱাৰ্ডেনক মৃত্যুদণ্ডৰ ঘোষণা কৰে। এখন আদালতে ২০১৪-২০২২ বৰ্ষৰ চৰকাৰী আৱাসিক বিদ্যালয়ৰ ২১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ দোষী সাব্যস্ত কৰে হোষ্টেলৰ ৱাৰ্ডেনক। আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে অভিযোগনামাত উল্লেখ কৰিছে যে ৱাৰ্ডেনে ৬ গৰাকী নাবালিককে ধৰি ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক যৌন নিৰ্যাতন চলাইছিল।

বিশেষ ন্যায়াধীশ জেপলু চাইয়ে ৱাৰ্ডেন ইউমকেন বাগ্ৰাক মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ লগতে প্ৰধান শিক্ষক চিংটুং য়ৰ্পেন আৰু হিন্দী শিক্ষক মাৰ্বোম গোমদিৰক ২০ বছৰৰ কঠোৰ কাৰাদণ্ড বিহে। যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা বা POCSO আইনৰ অধীনত দুয়োটা শাস্তি প্ৰদান কৰা হৈছে। ২০২২ চনৰ নৱেম্বৰ মাহত এজনৰ পিতৃ-মাতৃয়ে থানাত এজাহাৰ দাখিল কৰে।

অধিবক্তাসকলে দাবী কৰিছে যে প’চছ’ আইনৰ অধীনত কোনো অপৰাধীক মৃত্যুদণ্ড দিয়া হৈছে, য’ত ভুক্তভোগীৰ যৌন নিৰ্যাতনৰ ফলত মৃত্যু নহ’লেও মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। অৱশ্যে এই গোচৰৰ আৰু দুজন অভিযুক্তক আদালতে দোষমুক্ত কৰে, ইয়াৰে এজন স্কুলৰ শিক্ষক আৰু আনজন হোষ্টেল ৱাৰ্ডেনৰ ছাত্ৰ।