জংঘলৰাজ! বিহাৰত দলিত লোকৰ ২১টা ঘৰত অগ্নিসংযোগ

বিহাৰৰ নৱাদা জিলাৰ দলিত বসতিস্থলত ভূমি বিবাদৰ অভিযোগত ২০টাতকৈও অধিক ঘৰত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। আৰজেডি আৰু কংগ্ৰেছে বিহাৰত প্ৰচলিত “জংগলৰাজ”ৰ আন এক প্ৰমাণ বুলি অভিহিত কৰাৰ সময়তো প্ৰধান সন্দেহযুক্ত লোককে ধৰি ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰথম অৱস্থাত বুধবাৰে নিশা সংঘটিত হোৱা এই কাণ্ডত ৮০টাতকৈও অধিক ঘৰৰ বিভিন্ন অংশ জ্বলি যোৱাৰ খবৰ ওলাইছিল যদিও আৰক্ষীয়ে এই সংখ্যা ২১ বুলি ঘোষণা কৰিছে। জুই নিয়ন্ত্ৰণ কৰিবলৈ অঞ্চলটোত আৰক্ষীৰ এক বৃহৎ দল মোতায়েন কৰা হৈছে।

গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে যে দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ বসতিস্থলত সোমাই কেইবাটাও দলিত পৰিয়ালক প্ৰহাৰ কৰে। ইয়াৰ পিছতে ঘৰবোৰত অগ্নিসংযোগ কৰাৰ লগতে বতাহত গুলীও নিক্ষেপ কৰা হয়।

অৱশ্যে আৰক্ষী অধীক্ষক অভিনৱ ধীমানে গুলীচালনাৰ খবৰ অস্বীকাৰ কৰি কয় যে আৰক্ষীয়ে কোনো গুলী পোৱা নাই।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নৱাড়া কাণ্ড সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা)ক ব্যক্তিগতভাৱে সেই স্থান পৰিদৰ্শন কৰি তদন্তৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। বিষয়টোৰ অধিক তদন্তৰ বাবে বিশেষ তদন্তকাৰী দলো (SIT) গঠন কৰা হৈছে।

দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু কাকো ৰেহাই দিয়া নহ’ব বুলিও কয় চৰকাৰে।

জেডিইউ-বিজেপি চৰকাৰক আক্ৰমণ কৰি বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে এই কাণ্ডই দলিত আৰু বঞ্চিতসকলৰ প্ৰতি “সম্পূৰ্ণ উদাসীনতা” দেখুৱাইছে।

গান্ধীয়ে টুইট কৰি কয় যে নৱাদাত মহাদলিতৰ এটা সম্পূৰ্ণ কলনী জ্বলাই দিয়াটোৱে বিহাৰৰ বহুজনসকলৰ বিৰুদ্ধে হোৱা অন্যায়ৰ ভয়ানক ছবিখনক উজ্জ্বল কৰি তুলিছে।