NORTHEAST NOW (Assamese)

অসমত ২১১৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.২৩%

August 19, 2020 10:44 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২১১৬গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.২৩ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৪০,৩৮৯টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৩১১, কাছাৰৰ ১৯০, ডিব্ৰুগড়ৰ ১৭৪ আৰু যোৰহাটৰ ১২৫গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে আৰু দহগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২১৩লৈ বৃদ্ধি পাইছে।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড আক্ৰান্তৰ সংখ্যা ৮৪,৩১৭লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News