NORTHEAST NOW (Assamese)

অসমত ২১৭৯ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.০১ শতাংশলৈ বৃদ্ধি

August 26, 2020 11:20 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

২১৭৯গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৬.০১ শতাংশলৈ বৃদ্ধি পাইছে।

যোৱা ২৪ ঘণ্টাত ৩৬,২২৫টা টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৩১, ডিব্ৰুগড়ৰ ১৫২, কাছাৰৰ ১৩৬, যোৰহাটৰ ১৩৪ আৰু কামৰূপৰ ১২২গৰাকী ব্যক্তি।

ইপিনে আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৭৪লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

নতুনকৈ পজিটিভসকলক ধৰি অসমত চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৯৬,৭৭১লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২১,৬৮০ (।)

বিপৰীতে অসমত মঙলবাৰলৈকে ৭৪,৮১৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

Related News