ৰাজ্যত বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ২২ গৰাকী ক’ৰ’না আক্ৰান্ত; স্বাস্থ্য মন্ত্ৰীয়ে দিলে ভাল খবৰ

ৰাজ্যত ক’ৰ’না ভাইৰাছৰ অপ্ৰতিৰোধ্য গতি অব্যাহত থকাৰ সময়তে অন্য এক ভাল খবৰ দিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজি ৰাজ্যত পুনৰ ক’ৰ’নামুক্ত হৈছে ৬ গৰাকী লোক। ক’ৰ’নামুক্ত হোৱা এই লোক কেইগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালৰ পৰা মুক্তি দিয়া হৈছে।

লোককেইগৰাকীক দুবাৰকৈ টেষ্ট কৰাৰ পাছতো ফলাফল নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাব দিয়া হয়।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা জনায়।

অৱশ্যে, লোককেইগৰাকীৰ নাম প্ৰকাশ কৰা নাই স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

ভাল খবৰটো হৈছে ২৪ ঘণ্টাৰ ভিতৰত ২২ গৰাকীকৈ লোক ৰাজ্যত ক’ৰ’না মুক্ত হৈছে।

২৮ মে’ৰ নিশা প্ৰায় ৮:৩০ বজাত ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

ইয়াৰে ১৫ গৰাকী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা আৰু এগৰাকীক শিলচৰ মেডিকেল কলেজ হস্পাতালৰ পৰা মুক্তি দিয়া হৈছিল।

বৃহস্পতিবাৰৰ পৰা আজিলৈকে ২২ গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত ৭৯৪ লৈ হ্ৰাস পালে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা।

অসমত এতিয়ালৈকে ১০৯ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’ণা মুক্ত হৈছে।

যোৱা ২৭ মে’ত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল। ২৩ মে’ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক জি এম চি এইচৰ পৰা মুক্তি দিয়া হৈছিল।

তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল চিকিৎসালয়খনৰ পৰা।

দুয়োগৰাকীৰ দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত কোভিড-১৯ নিগেটিভ ওলোৱাত যাবলৈ দিয়া হৈছিল চিকিৎসালয়ৰ পৰা।

উল্লেখযোগ্য যে, বিগত ২০ মে’ত জি এম চি এইচৰ কনিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োগ কৰিছে।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ৩০ গৰাকী লোক এই কোভিড-১৯ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ৯০০ অতিক্ৰম কৰাত সকলো আতংকিত হৈ আছে যদিও ২৪ ঘণ্টাত ২২ গৰাকীকৈ ৰোগী ক’ৰ’না মুক্ত হোৱাৰ বাতৰিয়ে জনসাধাৰণৰ মাজলৈ বহু পৰিমাণে সুখৰ বতৰা কঢ়িয়াই আনিছে।