যোগী ৰাজ্যত লাভ জেহাদ আইন : মুছলমান যুৱকৰ বিৰুদ্ধে ভুৱা গোচৰ কৰি সমস্যাত হিন্দু যুৱতী!

Representative image

প্ৰতিনিধিত্বমূলক ফটো।

যোগী আদিত্যনাথ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত মুছলমান যুৱকৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে পুনৰ লাভ জেহাদৰ ভুৱা গোচৰ তৰাৰ ঘটনা পোহৰলৈ আহিছে।

প্ৰকাশিত ঘটনাৰ বিৱৰণী অনুসৰি উত্তৰ প্ৰদেশৰ বেৰেলীৰ ২২ এগৰাকী যুৱতীয়ে ১ ডিচেম্বৰত তিনিজন মুছলমান যুৱকে যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন কৰে।

তাৰ মাজতে এজন মুছলমান যুৱকে বন্ধুক দেখুৱাই ভাবুকি প্ৰদান কৰি যুৱতীগৰাকীক ইছলামলৈ ধৰ্মান্তৰিত কৰাৰো চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰা হয়।

যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনাটো লাভ জেহাদ আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্তত যোৱা শনিবাৰে পোহৰলৈ আহে যুৱতীগৰাকীয়ে যৌন আতিশয্য চলোৱা বুলি অভিযোগ উত্থাপন কৰাৰ দিনা তিনি আত্মীয় মুছলমান যুৱককেইগৰাকী বেৰেলীত থকাই নাছিল।

আৰক্ষীৰ তদন্ত আৰু পোহৰলৈ আহে যে যুৱতীগৰাকীয়ে উক্ত তিনি মুছলমান যুৱকৰ মাজৰে এজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আহি নিজ ইচ্ছাৰে যোৱা ছেটেম্বৰ মাহত পলাই গৈছিল যদিও ৯ দিনৰ ভিতৰত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ওভতাই আনে।

ইয়াৰ পিছতে যুৱতীগৰাকীক পৰিয়ালে নিজ সম্প্ৰদায়ৰে এজন যুৱকৰ সৈতে বিয়া দিয়ে।

আৰক্ষীৰ মতে ৰাজ্যখনত লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন হোৱাৰ পিছতে উক্ত যুৱতীগৰাকীয়ে প্ৰাক্তন প্ৰেমিকক লাভ জেহাদৰ আইনৰ আওতাত ফচোৱাৰ মানসেৰে আৰক্ষীৰ ওচৰত ভুৱা অভিযোগ দাখিল কৰিছিল।

ভুৱা অভিযোগ দাখিল কৰাৰ বাবে অভিযোগকাৰী যুৱতীগৰাকীৰ বিৰুদ্ধে অন্য এক অভিযোগ দাখিল কৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮২ অধীনত এক গোচৰ ৰুজু কৰিছে।