NORTHEAST NOW (Assamese)

অন্ধ্ৰ প্ৰদেশৰ সাগৰৰ পাৰৰ ৭৬ টন প্লাষ্টিক পৰিষ্কাৰ কৰি ২২,০০০ লোকৰ বিশ্ব অভিলেখ

August 28, 2022 6:52 am · এন ই নাও নিউজ,গুৱাহাটী

অন্ধ্ৰ প্ৰদেশৰ ভিজাগ উপকূলত ২২,০০০ লোকে মিলি ৭৬ টনৰো অধিক প্লাষ্টিক চাফা কৰাৰ কথাই বহুতৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অন্ধ্ৰ প্ৰদেশত বন্দৰ চহৰ বিশাখাপট্টনমত এক বৃহৎ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানত প্ৰায় ২২,০০০ অংশগ্ৰহণকাৰীয়ে সাগৰৰ পাৰৰ পৰা ৭৬ টনতকৈও অধিক প্লাষ্টিক আঁতৰ কৰে। এই অভিযানক বিশ্বৰ সৰ্ববৃহৎ ক্লিন-আপ ড্ৰাইভ বুলি কোৱা হৈছে।

গোকুল সাগৰৰ পাৰৰ পৰা ভীমলি সমুদ্ৰতীৰলৈ ২৮ কিলোমিটাৰ পথত সম্পন্ন কৰা হয় এই ক্লিন-আপ ড্ৰাইভ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্থা পাৰ্লিছ ফৰ দ্য অছিনৰ সহযোগত বৃহত্তৰ বিশাখাপট্টনম পৌৰ নিগমে এই অভিযান সম্পন্ন কৰিছিল। এই অভিযানৰ ফ্লেগ অফ ককৰে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে ।

তেওঁ কয় যে অন্ধ্ৰ প্ৰদেশে ২০২৭ চনৰ ভিতৰত ৰাজ্যখন প্লাষ্টিক মুক্ত কৰাৰ বাবে পাৰ্লিছৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তি অনুসৰি অহা ছয় বছৰত ১৬,০০০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব আৰু ২০,০০০ তকৈও অধিক যুৱক-যুৱতীৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ সৃষ্টি কৰিব।

বুজাবুজি চুক্তি অনুসৰি সংগঠনটোৱে ১০ হাজাৰ টকাত প্ৰশিক্ষণ দিয়াৰো পদক্ষেপ গ্ৰহণ কৰিব। অন্ধ্ৰ প্ৰদেশে বিশাখাপট্টনমত দেশৰ প্ৰথমখন প্লাষ্টিক ৰিচাইক্লিং আৰু আপ-চাইক্লিং প্ৰকল্প স্থাপন কৰিব৷ ভাইজাগত প্ৰকল্পটো স্থাপন হোৱাৰ পিছত পাৰ্লীয়ে সাগৰৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আঁতৰ কৰিব পাৰিব।

সেই প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰি আৰু ইয়াৰ পৰা জোতা আৰু গগলছৰ দৰে সামগ্ৰী তৈয়াৰ কৰিব পৰা যাব। মুখ্যমন্ত্ৰী ৰেড্ডীয়ে ৰাজ্যখনত প্লাষ্টিকৰ ফ্লেক্স বেনাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰিবলৈ আহ্বান জনায়। তেওঁ ঘোষণা কৰে যে এতিয়াৰ পৰা ফ্লেক্স বেনাৰৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে।

Related News