সৰভোগৰ জৱাহৰ নৱোদয় বিদ্যালয়ত আৱদ্ধ মধ্যপ্ৰদেশৰ ২৩ শিক্ষাৰ্থীৰ নিজ গৃহলৈ ৰাওনা

অসমলৈ উভতিব মধ্যপ্ৰদেশত আৱদ্ধ বৰপেটাৰ ২৪ জন শিক্ষাৰ্থী

barpeta dc

বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা। ফটো: নৰ্থইষ্ট নাও

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশত জাৰি কৰা লকডাউনৰ বাবে বহু লোক আৱদ্ধ হৈ আছে দেশৰ বিভিন্ন প্ৰান্তত ৷

আনহাতে, বহু ছাত্ৰ ছাত্ৰীও বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ আছে ৷

সৰভোগস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত আৱদ্ধ হৈ পৰা মধ্যপ্ৰদেশৰ ২৩ গৰাকীকৈ শিক্ষাৰ্থী আজি বিশেষ বাছযোগে নিজ গৃহলৈ ৰাওনা হয়৷

বৰপেটাৰ সৰভোগৰ নৱোদয় বিদ্যালয়ত বিশেষ অধ্যয়নৰ বাবে আহিছিল মধ্যপ্ৰদেশৰ ২৩ গৰাকীকৈ শিক্ষাৰ্থী ৷

লকডাউনৰ ফলত ছাত্ৰাবাসতে আৱদ্ধ হৈ আছিল বহিঃৰাজ্যৰ এইসকল শিক্ষাৰ্থী ৷

নিজ গৃহৰ পৰা এনেদৰে প্ৰায় ডেৰমাহ আৱদ্ধ হৈ আছিল শিক্ষাৰ্থীসকল।

বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

বৰপেটাৰ জিলা উপায়ুক্তই আনুষ্ঠানিকভাৱ বাছ সেৱা শুভাৰম্ভ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলক লৈ মধ্য প্ৰদেশলৈ যাত্ৰা আৰম্ভ কৰে বিশেষ বাছখনে ৷

উপায়ুক্তই জনোৱামতে, সৰভোগৰ পৰা বাছখনে ছাত্ৰ-ছাত্ৰীসকলক বিহাৰৰ পাটনালৈ কঢ়িয়াই নিব ৷

আনহাতে, মধ্য প্ৰদেশত আৱদ্ধ হৈ থকা বৰপেটাৰ ২৩ জন শিক্ষাৰ্থীক আন এখন বাছে বিহাৰৰ পাটনালৈ আনিব ৷

পাটনাত মধ্যপ্ৰদেশৰ ছাত্ৰ-ছাত্ৰীসকলক নমাই তাৰপৰা অসমৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ বাছখনে অসমলৈ আহিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷