দেশৰ ৰাজধানীত আকৌ গণপ্ৰহাৰৰ ঘটনা : চুৰি কৰাৰ সন্দেহত যুৱকক মৰিয়া মৰিয়াই হত্যা

lj_8664_Dhar_Mob_Lynching

চুৰি কৰাৰ সন্দেহত এজন যুৱকক গণ প্ৰহাৰ কৰি হত্যা কৰা হ’ল খোদ দেশৰ ৰাজধানী দিল্লীত।

শুকুৰবাৰে মোবাইল চুৰি কৰাৰ সন্দেহত এজন ২৩ বছৰীয়া যুৱকক গছত বান্ধি গণপ্ৰহাৰ কৰি হত্যা কৰা হৈছে।

শনিবাৰে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ঘটনাৰ বিৱৰণী মতে দিল্লীৰ লোহা মাণ্ডিৰ নৰৈনাৰ ১০ ব্লকৰ এমচিডি পাৰ্কত সংঘটিত হৈছে এই নাৰকীয় কাণ্ডটো।

আৰক্ষীয়ে উক্ত অঞ্চলৰ পৰা হাত ভৰি বান্ধি থোৱা অজ্ঞান অৱস্থাত যুৱকজনক উদ্ধাৰ কৰে।

আৰক্ষীয়ে অচেতন অৱস্থাত উদ্ধাৰ কৰি যুৱকজনক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।

ঘটনাৰ তদন্ত কৰি থকা আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনায় যে ৰাহুল নামৰ যুৱকজনৰ বিৰুদ্ধে পূৰ্বতে এটা চুৰি কাণ্ডৰ অভিযোগ আছিল।

আৰক্ষীৰ মতে ১৫-২০ দিন পূৰ্বে যুৱকজন কাৰাগাৰৰ পৰা মুকলি হৈ আহিছিল।

ঘটনাৰ দিনা যুৱকজনে উক্ত অঞ্চলৰ এখন ৰখাই থোৱা ট্ৰাকৰ পৰা মোবাইল ফোন চুৰি কৰাৰ অভিযোগত যুৱকজনক আক্ৰমণ কৰা হয়।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন মাফলাৰ উদ্ধাৰ কৰিছে আৰু সেই মাফলাখনেৰে যুৱকজনক গছত বান্ধি গণপ্ৰহাৰ কৰা হৈছিল।

ইতিমধ্যে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি হৰি নগৰৰ ডিডিইউ মৰ্গত ৰখা হৈছে।

আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজুৰ কৰিছে।

আৰক্ষীৰ আগত ধৃত চাৰিজন অভিযুক্তই ৰ’ড, লাঠি, লোহাৰৰ পাইপ আদিৰে নিহত যুৱকজনক আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছে।