আমবাছাত অৱস্থিত ধালাই জিলা পলিটেকনিক কলেজত আহা মে’ মাহৰ ২০ তাৰিখে ত্ৰিপুৰাৰ অৱসৰপ্ৰাপ্ত সেনাসকলৰ কল্যাণ সাধন কৰাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
ৰাতিপুৱা ৮ বজাত এই সভা আৰম্ভ হৈ আৱেলি ৪ বজাত অন্ত পৰিব।
এই সভাত অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ লোকসকলৰ বিভিন্ন সমস্যাৱলীৰ ওপৰত আলোকপাত কৰা হ’ব। ইয়াত সেনা বাহিনী, ৰাজ্য সৈনিক ব’ৰ্ড বা জিলা সৈনিক ব’ৰ্ড আৰু অসামৰিক প্ৰশাসনৰ বিষয়াবৰ্গ উপস্থিত থাকিব।.
আয়োজকসকলে লনথোৰাই, গান্দাচেৰা, আমবাচা আৰু কামালপুৰৰ সকলো অৱসৰপ্ৰাপ্ত সৈনিক, বীৰ নাৰীকে এই শোভাযাত্ৰা আৰু সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে।
এইবাৰ চিএছডি, ইচিএইচএছ, ডিজিচেল লাইফ চাৰ্টিফিকেট, ডেণ্টেল এণ্ড মেডিকেল কেয়াৰ চেল, পেনছন আৰু অভিযোগ চেল আদি নিয়মীয়া কাউণ্টাৰ কোষৰ উপৰিও অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ লোকৰ বাবে প্ৰধান মন্ত্ৰী ৰোজগাৰ সৃষ্টি আঁচনি, ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম, প্ৰদান মন্ত্ৰী বিকাশ যোজনা, সংযুক্ত গ্ৰাম্যস্ব-নিয়োগ প্ৰশিক্ষণ প্ৰতিষ্ঠান, ত্ৰিপুৰা গ্ৰাম্য জীৱিকা অভিযান, সীমা এলেকা বিকাশ কাৰ্যসূচী আদি প্ৰতিষ্ঠা কৰা হ’ব।
সেনা আবহিনীয়ে ২০১৮ বৰ্ষত ‘বিকলাংগ সৈনিকৰ বৰ্ষ’ হিচাপে পালন কৰিব আৰু তাৰে সৈতে সংগতি ৰাখি সেনা বাহিনীয়ে বিকলাংগ হোৱা সেনা বাহিনীৰ লোকসকলক উপকৃত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সেনা বাহিনীৰ তৰফৰ পৰা জনোৱা হৈছে।