কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈ ৪ বছৰে চিকিৎসাধীন টেট শিক্ষয়িত্ৰীয়ে লাভ কৰা নাই দৰমহা

munmun tet teacher

পাঠশালাৰ লাচিত নগৰ নিবাসী উৎপলেন্দ্ৰ নাথ দাসৰ কন্যা মুনমুন সেন। ২০১২ চনত তদানিন্তন কংগ্ৰেছ চৰকাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হৈ মুনমুন নিযুক্ত হৈছিল এগৰাকী শিক্ষয়িত্ৰী হিচাপে। তেওঁক নিযুক্তি দিয়া হৈছিল অন্য দহগৰাকী টেট শিক্ষয়িত্ৰীৰ ঘৰৰ পৰা বহু নিলগত অৱস্থিত বৰপেটাৰ মন্দিয়াৰ বৰলাসুঁতি প্ৰাথমিক বিদ্যালয়ত। এনেদৰে ঘৰৰ পৰা বহু দূৰত শিক্ষয়িত্ৰী হ’বলৈ গৈ ইতিমধ্যে বহু কেইগৰাকী টেট শিক্ষয়িত্ৰী বিভিন্ন অনাহূত পৰিস্থিতিৰ বলি হোৱাৰ বাতৰিও পোৱা গৈছে।

মুনমুনৰ জীৱনলৈকেও এদিন নামি আহিছিল কাল আউঁসী।

২০১৪ চনৰ ২৮ এপ্ৰিল আছিল আছিল সেই অভিশপ্ত দিনটো যিদিনা মুনমুনে জীৱনৰ সকলো ৰং হেৰুৱাই পেলালে।আনদিনাৰ দৰে সিদিনাও মুনমুনে গৃহ চহৰ পাঠশালাৰ পৰা যথেষ্ট দূৰত থকা বিদ্যালয়খনত দিনটোৰ শিক্ষাদান কাৰ্য সমাপ্ত কৰি  এগৰাকী সহকৰ্মী শিক্ষকৰ বাইকৰ পিছফালে বহি আহি থকা অৱস্থাতে পথ দুৰ্ঘটনাত মগজু আৰু হাত-ভৰিত যথেষ্ট আঘাত পায়।অত্যন্ত সংকটজনক অৱস্থাত মুনমুনক ভৰ্তি কৰোৱা হয় গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত। তাত মুনমুনক ৯ মাহ ৬ দিন ৰাখি চিকিৎসা কৰাৰ পাছতো গুৱাহাটীতেই তেওঁক চিকিৎসা কৰি থকা হৈছিল। প্ৰায় ৬০ লাখ টকা ব্যয় কৰি মুনমুনক বচাই আনিবলৈ সক্ষম হয় মুনমুনৰ পৰিয়ালটোৱে। কিন্তু এতিয়া পৰিয়ালটোৰ ওপৰত ঋণৰ এটা ডাঙৰ বোজা। বিভিন্ন সংস্থা, ছচাইটীৰ পৰা ঋণ লৈ পিতৃয়ে মুনমুনক চিকিৎসা কৰি সুস্থ কৰি তুলিবলৈ যত্নৰ ত্ৰুতি কৰা নাই। এতিয়া মুনমুনৰ চিকিৎসাৰ বাবাদ ব্যয় হয় মাহে প্ৰায় ৪০ হাজাৰ টকা।

নিউ ইণ্ডিয়া ইন্সিওৰেন্স কোম্পানীৰ অৱসৰপ্ৰাপ্ত চাকৰিয়াল উৎপলেন্দ্ৰ দাসে এতিয়া দিশহাৰা হৈ পৰিছে।

জীৱন-মৃত্যুৰ সন্ধিক্ষণত থকা মুনমুনক দিনে নিশাই শুশ্ৰূষা কৰি গৈছে তেওঁৰ পিতৃ, ভগ্নী আৰু মাতৃয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুখৰ হৈ থকা শিক্ষয়িত্ৰী মুনমুন দাস আজি মূক। কথা কবলৈ উদগ্ৰীৱ ভাৱ তেওঁৰ চকুৱে মুখে প্ৰকাশমান যদিও তেওঁ কথা নকয়। এক সুতীব্ৰ শাৰীৰিক-মানসিক যাতনাই মূক কৰি পেলাইছে তেওঁক।

ইপিনে বিগত ২০১৪ চনৰ জুন মাহৰ পৰা মুনমুনৰ দৰমহা বন্ধ কৰি ৰাখিছে চৰকাৰে।দুৰ্ঘটনাত শয্যাশায়ী মুনমুনৰ চিকিৎসাত সহায়ক হোৱাকৈ মুনমুনৰ দৰমহাখিনি মুকলি কৰি দিয়াৰ বাবে শিক্ষা বিভাগ, জিলা উপায়ুক্ত সকলোকে অনুৰোধ কৰিছিল যদিও সুফল লাভ নকৰিলে দেউতাকে। তেওঁ এই ক্ষেত্ৰত সহায়ৰ বাবে শিক্ষা মন্ত্ৰী বিমন্ত বিশ্ব শৰ্মাৰো কাষ চাপিছিল কিন্তু কোনো সুফল নাপালে।

পৰিয়ালটোৱে আশা কৰে, মুনমুনৰ দৰমহাখিনি মোকোলাই দি তেওঁৰ চিকিৎসাত সহায় কৰক চৰকাৰে। মুনমুনৰ চিকিৎসা ব্যয়ৰে সৰ্বস্বান্ত প্ৰায় হোৱা মুনমুনৰ দেউতাকে ৰাইজৰো সহায় ভিক্ষা কৰিছে।মুনমুনৰ দেউতাকৰ বেংকৰ একাউণ্ট নম্বৰ হৈছে UBI UTPALENDRA NATH DAS 40550 100 84310, তেওঁৰ ফোন নম্বৰ হৈছে 94352 73173, 86381 62924,76370 66981 ।