চিকিৎসকক হত্যাৰ প্ৰতিবাদ : ২৪ ঘণ্টা ধৰি সেৱা আগ নবঢ়ায় ৰাজ্যৰ চিকিৎসকসকলে

টীয়কৰ ঘটনাৰ প্ৰতিবাদত কৰ্মবিৰতি ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচন অসম শাখাৰ

Save Doctors

প্ৰতিনিধিত্বমূলক ছবি।

যোৰহাটৰ টীয়ক চাহ বাগিচাত ৩১ আগষ্টত একাংশ উন্মত্ত চাহ শ্ৰমিকে ৭৫ বছৰীয়া জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তক নৃশংস হত্যাৰ প্ৰতিবাদত অহা ৩ ছেপ্টেম্বৰৰ পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টা ধৰি সেৱা আগ বঢ়োৱাৰ পৰা বিৰত থাকিব ৰাজ্যৰ চিকিৎসকসকল।

ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচন অসম শাখাৰ সভাপতি ডাঃ সত্যজিৎ বৰাই এই কথা জনাইছে।

ডাঃ দত্তক ৩১ আগষ্টৰ সন্ধিয়া চাহ বাগিচাখনৰ চিকিৎসালয়ত উন্মত্ত ৰূপ লোৱা শ্ৰমিকে হত্যা কৰিছিল। এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজিত হৈছিল শ্ৰমিকসকল।

“এইবাৰ সীমা চেৰাই গ’ল, গতিকে আমি বহি থকাটো সম্ভৱ নহয়”, আই এম এ-ৰ ৰাজ্যিক সভাপতিজনে নৰ্থ-ইষ্ট নাওক কয়।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন চমুকৈ আই এম এ আৰু আছাম মেডিকেল ছাৰ্ভিচ এছ’চিয়েশ্যন চমুকৈ আমছাই যৌথভাৱে তিনিটাকৈ প্ৰতিবাদী কাৰ্য্যসূচী লোৱাৰ কথা ঘোষণা কৰিছে বুলিও তেওঁ জনায়।

চিকিৎসকৰ সুৰক্ষা আৰু নিৰাপত্তা সু-নিশ্চিত কৰাৰ দাবীৰে অহা ৩ ছেপ্টেম্বৰৰ দিনা পুৱা ৬ বজাৰ পৰা পাছদিনা পুৱা ৬ বজালৈ চিকিৎসা সেৱা আগ বঢ়োৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকল।

ৰাজ্যৰ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডত কৰ্মৰত চিকিৎসকে এই প্ৰতিবাদী কাৰ্য্যসূচীত পালন কৰিব বুলি বৰাই জানিবলৈ দিয়ে।

অৱশ্যে, জৰুৰী স্ৱাস্থ্যসেৱাক এই ধৰ্মঘটৰ পৰা ৰেহাই দিয়া হ’ব, তেওঁ জনায়।

উক্ত দিনটোতে সমগ্ৰ ৰাজ্যজুৰি মৃত চিকিৎসক ডাঃ দেৱেন দত্তৰ স্মৃতিত সন্ধ্যা ৭ বজাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব চিকিৎসকসকলে। সংগঠন দুটাৰ প্ৰত্যেক শাখাই দত্তক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ কাৰ্য্যসূচী হাতত লৈছে বুলি বৰাই উল্লেখ কৰে।

ইপিনে, কাইলৈ সংগঠন দুটাই পুৱা ১০ বজাৰ পৰা ২ বজাৰ ভিতৰত  যৌথভাৱে ৰাজ্যৰ জিলা উপায়ুক্ত, মহকুমাধিপতি, চক্ৰ বিষয়া, আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়াক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি বৰাই আমাৰ সাংবাদিকৰ আগত কয়।

“চিকিৎসকৰ ওপৰত হৈ অহা অত্যাচাৰৰ বিৰুদ্ধে আমি সদায় মাত মাতি আহিছো। শেহতীয়াকৈ কালি যি মৰ্মান্তিক ঘটনা ঘটিলে, কৰ্মৰত চিকিৎসকক প্ৰহাৰ কৰি হত্যা কৰিলে, গতিকে আমি বহি থকাটো সম্ভৱ নহয়। আন্দোলনৰ কাৰ্য্যসূচী ল’বলৈ আমি আগ্ৰহী নহয়, তথাপি চিকিৎসকসকলক আগ বঢ়াই দিয়া হৈছে আন্দোলন কৰিবলৈ। আন্দোলন কৰি জনসাধাৰণক হাৰাশাস্তি কৰিবলৈ কেতিয়াও নিবিচাৰো। উপায়হীন হৈ চিকিৎসা সেৱাৰ পৰা বিৰত থকাৰ দৰে কাৰ্য্যসূচী হাতত লৈছো।” আমাৰ সাংবাদিকৰ আগত বৰাই এইদৰে কয়।

বৰাই আৰু কয়, “চিকিৎসকক প্ৰহাৰ কৰাসকলক গ্ৰেপ্তাৰ কৰে যদিও তেওঁলোকৰ একো দৃষ্টান্তমূলক শাস্তি আমি দেখিবলৈ পোৱা নাই”।