মাহিলী দৰমহা মাত্ৰ ১৫ হাজাৰ টকা! কিন্তু বাস্তৱত তেওঁৰ ২৪টা ঘৰ, ৪ ঠাইত মাটি, ৪০ একৰ কৃষিভূমি আৰু ৩০ কোটিতকৈও অধিক সম্পত্তিৰ মালিক!
কৰ্ণাটক লোকায়ুক্তই কৰ্ণাটক গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন লিমিটেডৰ প্ৰাক্তন কেৰাণী কলাকাপ্পা নিদাগুণ্ডীৰ ঘৰত অভিযান চলাই এই বিশাল সম্পত্তিৰ তথ্য উদ্ধাৰ কৰে।
তদন্তকাৰী সংস্থাটোৰ মতে নিদাগুণ্ডীয়ে কপ্পালত কৰ্মৰত আছিল আৰু তেওঁৰ দৰমহা আছিল মাত্ৰ ১৫ হাজাৰ টকা। কিন্তু তেওঁৰ পত্নী আৰু ভাতৃৰ নামত ২৪টা ঘৰ, ৪টা প্লট, ৪০ একৰ কৃষিভূমি, ৪খন গাড়ী, ৩৫০ গ্ৰাম সোণ আৰু ১.৫ কেজি ৰূপ আছে।
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে নিদাগুণ্ডি আৰু কে আৰ আই ডি এলৰ এজন প্ৰাক্তন অভিযন্তা জেড এম চিঞ্চোলকাৰে ৯৬টা আধৰুৱা প্ৰকল্পৰ নামত ভুৱা নথি প্ৰস্তুত কৰি প্ৰায় ৭২ কোটি টকা আত্মসাৎ কৰিছে।
শেহতীয়াকৈ লোকায়ুক্তৰ বিষয়াসকলে অবৈধভাৱে সম্পত্তি অধিগ্ৰহণৰ অভিযোগত কেইবাজনো চৰকাৰী বিষয়াৰ বিৰুদ্ধে অভিযান চলাইছে। মঙলবাৰে হাছান, চিক্কাবল্লাপুৰা, চিত্ৰদুৰ্গা আৰু বেংগালুৰুৰ পাঁচজন চৰকাৰী বিষয়াৰ ঘৰ আৰু কাৰ্যালয়ত তালাচী চলোৱা হয়।
২৩ জুলাইত লোকায়ুক্তই আই এ এছ বিষয়াকে ধৰি আন ৮ গৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে অভিযান চলাইছিল। ৪১টা স্থানত তালাচী চলোৱাত ৩৭.৪২ কোটি টকাৰ অঘোষিত সম্পত্তি উদ্ধাৰ হয়।কৰ্ণাটক ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কোম্পানীৰ বিশেষ উপ আয়ুক্ত আৰু বেংগালুৰু উপ-নগৰীয়া ৰে’লৱে প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ দায়িত্বত থকা আই এ এছ বিষয়া বসন্তি অমৰ বি ভিক তালাচী চলাই পাঁচটা সম্পত্তিৰ পৰা ৯.০৩ কোটি টকাৰ সম্পত্তি উদ্ধাৰ কৰা হয়—য’ত চাৰিটা ঘৰ, তিনিটা প্লট মাটি, তিনি একৰ মাটি, গহনাও আছিল ১২ লাখ টকা আৰু ৯০ লাখ টকাৰ এখন গাড়ী।