NORTHEAST NOW (Assamese)

যোগী আদিত্যনাথক মৃ*ত্যুৰ ভাবুকি দি আটক ২৪ বছৰীয়া যুৱতী

November 3, 2024 5:56 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত মুম্বাই আৰক্ষীয়ে দেওবাৰে আটক কৰে এগৰাকী ২৪ বছৰীয়া যুৱতীক।

মহিলাগৰাকী মহাৰাষ্ট্ৰৰ থানেৰ উলহাছনগৰ অঞ্চলৰ ফাতিমা খান বুলি জানিব পৰা গৈছে। তথ্য প্ৰযুক্তিত স্নাতক ডিগ্ৰী লাভ কৰিছে যদিও মানসিকভাৱে অস্থিৰ বুলি আৰক্ষীৰ উদ্ধৃতিৰে বাতৰি সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে।

শনিবাৰে সন্ধিয়া মুম্বাই আৰক্ষীয়ে ভাবুকি বাৰ্তা লাভ কৰি কয় যে যোগী আদিত্যনাথক ১০ দিনৰ ভিতৰত পদত্যাগ নকৰিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকৰ দৰে হত্যা কৰা হ’ব। মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ কোষে অজ্ঞাত নম্বৰৰ পৰা এই বাৰ্তা লাভ কৰে।

যোগী আদিত্যনাথক দিয়া ভাবুকিৰ পিছতে কৰ্তৃপক্ষই সন্ত্ৰাসবাদ বিৰোধী দলক সতৰ্ক কৰি দিয়ে। এই ভাবুকিৰ সৈতে জড়িত বুলি ধাৰণা কৰা মহিলাগৰাকীক উলহাছনগৰত বিচাৰি উলিয়াই সফলতাৰে সন্ধান উলিয়ায় এ টি এছে।

স্থানীয় আৰক্ষীৰ সৈতে যৌথ অভিযানত এ টি এছৰ দলটোৱে মহিলাগৰাকীৰ বাসগৃহত গৈ তদন্ত কৰে। প্ৰাথমিক তথ্য সংগ্ৰহ কৰাৰ পিছত স্থানীয় আৰক্ষী থানালৈ লৈ যোৱা হয় অধিক সোধা-পোছাৰ বাবে।

পৰৱৰ্তী জেৰাৰ বাবে ফাতিমাক মুম্বাইলৈ অনা হৈছে। আই পি এছৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নিশ্চিত কৰিছে যে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই; বৰঞ্চ জেৰাৰ পিছত তেওঁক জাননী জাৰি কৰা হৈছিল।

তদুপৰি মহিলাগৰাকীৰ মানসিক অৱস্থাৰ বুজ ল’বলৈ মানসিক স্বাস্থ্য পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছে কৰ্তৃপক্ষই।

এই বাৰ্তাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

যোৱা ১২ অক্টোবৰত পুত্ৰ জীশান ছিদ্দিকীৰ কাৰ্যালয়ৰ বাহিৰত তিনিজন লোকে গুলীয়াই হত্যা কৰিছিল বাবা ছিদ্দিকীক।

Related News