NORTHEAST NOW (Assamese)

অসমত ২৪০৯ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.৩৫ শতাংশ

September 15, 2020 10:09 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২৪০৯গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.৩৫ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩২,৭৭০টা টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৬৩৩, ডিব্ৰুগড়ৰ ২০১, যোৰহাটৰ ১৭২ আৰু লখিমপুৰৰ ১২০গৰাকী ব্যক্তি।

এইসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা ১,৪৬,৫৭৫লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু দহগৰাকী ৰোগীৰ মৃত্যুৰ সৈতে অসমত ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা মঙলবাৰলৈকে ৪৯২লৈ বৃদ্ধি পাইছে।

অসমত সোমবাৰলৈকে ১,১৫,০৫১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

Related News