NORTHEAST NOW (Assamese)

অসমত ২৪২৭ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৫৮ শতাংশলৈ বৃদ্ধি

August 29, 2020 11:04 pm · এন ই নাও নিউজ
Updated: August 29, 2020 11:05 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

২৪২৭গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৬.৫৮ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল ৬.৩৮ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৬,৮৩৯টা টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

পজিটিভসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৪৫৯, ডিব্ৰুগড়ৰ ১৭৭, কাছাৰৰ ১৫৮ আৰু যোৰহাটৰ ১৩৬গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

এইসকল ব্যক্তিক ধৰি অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২২,৪৩২ (।)

আনহাতে আৰু তিনিগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৮৯লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,০৩,৭৯৪ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

বিপৰীতে ৮১,০৭০গৰাকী ব্যক্তিয়ে অসমত শুকুৰবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

Related News